NORTHEAST NOW (Assamese)
অসম

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত আটছাৰ ধৰ্ণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 9:02 am

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাকে আদি কৰি বিভিন্ন দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডিব্ৰুগড়, বৰবৰুৱা আৰু লাহোৱাল শাখাৰ উদ্যোগত ১২ ফেব্ৰুৱাৰিত ডিব্ৰুগড়ৰ পূব আৰু পশ্চিম ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী আটছা কৰ্মী সকলে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে শীঘ্ৰে দাবী সমূহ পূৰণ কৰাৰ বাবে দাবী জনায়।

‘‘বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই পৰ্যন্ত তেওঁলোকে নিজৰ দাবী সমূহ পুৰণ নকৰিলে,’’ এগৰাকী প্ৰতিবাদী আটছা কৰ্মীয়ে এইদৰে কয়।

অসমৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ অৰ্থাৎ প্ৰায় ৭০ লাখ লোক চাহ জনগোষ্ঠীৰ।