NORTHEAST NOW (Assamese)
Popular Stories

সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক যুদ্ধ! গ্ৰেটাৰ ‘টুকইট’ সংক্রান্ত গোচৰত পৰিৱেশকৰ্মী গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 3:37 pm

কৃষক বিদ্ৰোহৰ সমৰ্থনত চুইডেনৰ পৰিৱেশকৰ্মী গ্ৰেটা থাৰ্নবাৰ্গে আগবঢ়োৱা টুইট তথা ‘toolkit’ সংক্ৰান্তীয় গোচৰত বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী তথা পৰিৱেশকৰ্মী দিশা ৰবী(২১)ক দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰে।

দিল্লী পুলিচৰ চাইবাৰ চেলৰ মতে দিশা ৰবীয়ে গ্ৰেটাৰ টুইটটো ইডিট আৰু প্ৰচাৰ কৰি অপৰাধ কৰিছে।

দেওবাৰে পুৱাই বাংগালুৰুৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা দিশা ৰবীক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত পঠোৱা হয়।

আৰক্ষীৰ মতে এই ‘টুকইট’টোৰ দ্বাৰা বিশ্ব প্ৰেক্ষাপটট ভাৰতৰ প্ৰতিচছৱি ম্লান কৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে এটা “আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ’’ কৰা হৈছে।

এই ষড়যন্ত্ৰটোৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে “সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক যুদ্ধ’’ৰ সূচনা কৰিব বিচাৰিছে।

আৰক্ষীয়ে আৰু জনায় যে এই ষড়যন্ত্ৰটোত হাজাৰৰো অধিক লোক জড়িত আছে।

উল্লেখযোগ্য যে তিনি ফেব্ৰুৱাৰীত দিশা ৰবীয়ে গ্ৰেটাৰ ‘টুকইট’টো দুশাৰী বাক্য ইডিট কৰা বুলি স্বীকাৰোক্তি কৰিছে।


পাতিয়ালা হাউচ কোৰ্টত হোৱা প্ৰাৰম্ভিক সোধা-পোচাত দিশা ৰবীয়ে কয় যে তেওঁ এই কাম কৃষকসকলৰ সমৰ্থনত কৰিছিল আৰু কৃষক আন্দোলনটোৰ দ্বাৰা তেওঁ প্ৰভাৱান্বিত।

দিশা ৰবী ২০১৮ চনৰ পৰা গ্ৰেট থানবাৰ্গৰ “ফ্ৰাইডে ফৰ ফিউচাৰ’’ নামৰ পৰিৱেশসুৰক্ষাজনিত কেম্পেইনটোৰ এগৰাকী মূল কৰ্মী।

উল্লেখযোগ্য যে ডণাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰি বিশ্ব প্ৰেক্ষাপটত এক সুকীয়া কণ্ঠ হিচাপে চৰ্চিত হোৱা গ্ৰেটা থানবাৰ্গ এগৰাকী ছাত্ৰী আৰু ভাৰতত গণৰাজ্য দিৱসত কৃষকসকলে প্ৰদৰ্শন কৰা ট্ৰেক্টৰ ৰেলীৰ পাছতে তেওঁ কৃষকসকলৰ দাবীসমূহক বিষয় হিচাপে লৈ টুইটাৰত সমৰ্থন জনাইছিল।