NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ আটাইতকৈ প্ৰাচীন মদৰ ভাটি উদ্ধাৰ, এবাৰত উৎপন্ন হৈছিল ২২,৪০০ লিটাৰৰো অধিক মদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 7:58 pm

বিশ্বৰ সবাতোকৈ পুৰণি মদৰ ভাটিটো উদ্ধাৰ কৰা হৈছে। ইজিপ্টৰ আবিড’জ নামৰ মৰুভূমিখনত প্ৰত্নতাত্বিকসকলে খান্দ উলিওৱা মদৰ ভাটিটো প্ৰায় পাঁচ হেজাৰ বছৰৰ পুৰণি।

আমেৰিকা আৰু ইজিপ্টৰ প্ৰত্নতত্ববিদেৰে গঠিত এটা দলে উক্ত স্থানত ৪০টাকৈ মদ তৈয়াৰ কৰা পাত্ৰ আৱিষ্কাৰ কৰিছে।

ইজিপ্টৰ চুপ্ৰিম কাউন্সিল অৱ এণ্টিকুইটিয়ে জানিবলৈ দিয়া মতে মদৰ মহলটো ৰজা নাৰমিৰৰ শাসনকালত স্থাপিত হৈছিল, যাৰ বাবে “বিশ্বৰ আটাইতকৈ পুৰণা মদৰ ভাটি’’ হিচাপে তেওঁলোকে বিবেচনা কৰিছে।

প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে শাসন কৰা ৰজা নাৰমিৰে ইজিপ্টক একত্ৰিকৰণ কৰা বুলি থাৱৰ কৰা হয়।

প্ৰত্নতাত্বিকসকলৰ মতে মদৰ ভাটিটো ইজিপ্টৰ ৰাজকীয় পৰম্পৰা তথা অনুষ্ঠানৰ স’তে জড়িত।

তদুপৰি তেওঁলোকে পৰীক্ষা কৰি অনুমান কৰিছে যে মদৰ ভাটিটোত এবাৰত প্ৰায় ২২,৪০০ লিটাৰ মদ উৎপন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে আবিড’জ হৈছে ইজিপ্টৰ এখনি প্ৰাচীন চহৰ আৰু অলেখ স্মশান আৰু প্ৰাচীন ধৰ্মীয় অনুষ্ঠানৰ বাবে পৰ্যটনৰ কেন্দ্ৰবিন্দু।