NORTHEAST NOW (Assamese)
Popular Stories

অনুৰাগীৰ বাবে দুঃখবৰ, চিনেমা জগতত ভৰি নিদিয়ে অমিতাভৰ নাতিনী নব্যাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 7:49 am

চিনেমাৰ পৰ্দাত দেখা পোৱা নাযাব অমিতাভ বচ্ছনৰ নাতিনী নব্যা নাৱেলি নন্দাক।

নব্যাই দেউতাক নিখিল নন্দাৰ ব্যৱসায় জগতখনতহে অংশ ল’বলে আগবাঢ়িছে।

এখন আলোচনীৰ হোৱা এক সাক্ষাৎকাৰত নব্যাই কয় যে ককাদেউতাক তথা বিখ্যাত উদ্যোগপতি হৰপ্ৰসাদৰ পথেৰে বাট বুটলি গৌৰৱান্বিত হ’ব।

চচিয়েল মিডিয়াত অসংখ্য অনুৰাগী থকা নব্যাই ইনষ্ট্ৰাগামত নিজৰ বিভিন্ন ধৰণৰ ফটো শ্বেয়াৰ কৰে আৰু এইসমূহ ইণ্টাৰনেটত ভাইৰেল হয়।

চচিয়েল মিডিয়াত ফটোৰ লগতে বিভিন্ন সামাজিক বিষয়তো নব্যাই মাত মাতি আহিছে।