NORTHEAST NOW (Assamese)
অসম

১৯ ফেব্ৰুৱাৰীত ৰঙা গ্ৰহ মঙলৰ বুকুত অৱতৰণ কৰিব নাছাৰ পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 6:09 pm
a ma123

ৰঙা গ্ৰহ মঙলকলৈ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰো কৌতূহলৰ অন্ত নাই।

মঙল গ্ৰহণৰ ৰহস্য উদ্ঘীটন কৰাৰ বাবে বিগত শতিকাৰ  ৬০ৰ দশকৰ পৰাই বিজ্ঞানীসকলে চেষ্টা কৰি আহিছে।

শেহতীয়াকৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহলৈ প্ৰেৰণ কৰিছে পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যান এখন ।

মঙল গ্ৰহত কোনো সময়ত জীৱৰ বসতি আছিল নেকি, এতিয়াও গ্ৰহটোৰ ক’ৰৱাত কোনো জীৱে বাস কৰি আছে নেকি আদি কথাবোৰৰ উত্তৰ বিচাৰিয়েই নাছাই গ্ৰহটোলৈ প্ৰেৰণ কৰিছে যান খন।

ভাৰতীয় সময় অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ দিনা যান খনে মঙল গ্ৰহৰ বুকুত অৱতৰণ কৰিব।যান খনে কঢ়িয়াই নিছে MOXIE নামৰ এটা বিশেষ যন্ত্ৰ।

এই যন্ত্ৰটোৱে গ্ৰহটোৰ বুকুত অক্সিজেনৰ সৃষ্টি কৰিব পাৰিব।

নাছাৰ বিজ্ঞানী থমাছ জাৰবুচেনে প্ৰকাশ কৰা অনুসৰি যান খনে গ্ৰহটোৰ বিভিন্ন অঞ্চলৰ পৰা মাটি, শিল আদি সংগ্ৰহ কৰিব।ইতিমধ্যে চীনেও মঙল গ্ৰহলৈ টিয়ানৱেন-১ নামৰ এখন যান প্ৰেৰণ কৰিছে।