NORTHEAST NOW (Assamese)
অসম

ফাদিল হৈছিল উঃ মাঃ বিজ্ঞানৰ প্ৰশ্ন কাকত : তদন্ত প্ৰতিবেদন; পৰীক্ষা পুনৰ পতা সন্দৰ্ভত মঙলবাৰে সিদ্ধান্ত

Posted by: এন ই নাও নিউজ March 19, 2018 10:20 pm
ahsec question paper leak

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ তিনিখন প্ৰশ্নকাকত ফাদিল হৈছিল। এতিয়ালৈকে সংসদে স্পষ্টকৈ নকলেও এই কথাই প্ৰমাণ হ’ল তদন্ত প্ৰতিবেদন দাখিল হোৱাৰ পিছত লোৱা ব্যৱস্থাই।

পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা সন্দৰ্ভত মঙলবাৰে লোৱা হ’ব সিদ্ধান্ত।

আনহাতে সংসদৰ প্ৰশ্ন কাকতৰ সৈতে হুবহু মিল থকা আৰ্হি কাকত বিতৰণ কৰা গোৱালপাৰাৰ চাইন্স একাডেমি নামৰ বেচৰকাৰী বিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰা হৈছে।

প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত তদন্ত সমিতিৰ প্ৰতিবেদন পোৱাৰ পিছত সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে আজি এই কথা ঘোষণা কৰে।

ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰা এই ঘটনাৰ তদন্তৰ বাবে সংসদে গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বি চি দাসৰ নেতৃত্বৰ চাৰিজনীয়া সমিতিয়ে সোমবাৰে ইয়াৰ ৩৫ পৃষ্ঠীয়া প্ৰতিবেদন দাখিল কৰে।

সূত্ৰ অনুসৰি পৰীক্ষা পুনৰ পতাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক পৰামৰ্শ দিছে তদন্ত সমিতিয়ে। ১৭ মাৰ্চত হ’ব লগা জীৱ বিজ্ঞানৰ পৰীক্ষা পূৰ্বে ২৪ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল।

শিক্ষা সংসদৰ সচিব, পৰীক্ষা নিয়ন্ত্ৰককে ধৰি বিষয়াসকলে প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি কৰা দাবী সমিতিৰ এই প্ৰতিবেদনে মিছা বুলি প্ৰমাণ কৰিলে।

উল্লেখযোগ্য যে এই ঘটনাক লৈ আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি ছাত্ৰ সংগঠনে এই ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ লগতে ইয়াৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছিল।

তদন্ত প্ৰতিবেদনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোকে জোকাৰি যোৱা এই ঘটনাৰ বাবে কাক জগৰীয়া কৰিছে বা জগৰীয়া হোৱাসকলৰ কি শাস্তি বিধান হ’ব সেয়া লক্ষণীয় হ’ব বুলি বিভিন্ন লোকে মন্তব্য কৰিছে।

গুৰুত্বপূৰ্ণ পৰীক্ষাটো চলি থকা অৱস্থাতে হোৱা এই বেমেজালিয়ে অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো হতাশ কৰি পেলোৱা পৰিলক্ষিত হৈছে।