NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত পুনৰ গণতন্ত্ৰ স্থাপনৰ আহ্বান ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 3:28 pm

সামৰিক অভ্যুত্থানৰ পাছত ম্যানমাৰত শীঘ্ৰে গণতন্ত্ৰ পুনৰ স্থাপনৰ বাবে আহ্বান জনাইছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই।

চাৰিওখন দেশে ‘কোৱাড’ৰ বৈঠকৰ সময়তে ম্যানমাৰত পুনৰ গণতন্ত্ৰ স্থাপনৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত ম্যানমাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত জালিয়াতিৰ অভিযোগ তুলি দেশখনৰ সেনাবাহিনীয়ে ১ ফেব্ৰুৱাৰিত ম্যানমাৰৰ শাসনভাৰ দখল কৰিছিল।

সেনা বাহিনীয়ে ছ্যু কীয়ে আদি কৰি বহুকেইগৰাকী নেতাক বন্দী কৰি থৈছে।

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে দেশখনৰ শিক্ষক, চিকিৎসাকৰ্মীসকলেও অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰিছে।

দেশখনৰ প্ৰধান প্ৰধান চহৰ সমূহত প্ৰতিবাদকাৰী সকলে ৰাজপথলৈ ওলাই আহি সামৰিক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

বহু ঠাইত প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানী হিলৈ ব্যৱহাৰ কৰা দেখা যায়।

আনহাতে, বহু প্ৰতিবাদকাৰীয়ে দেশখনত ৰে’ল অৱৰোধ কাৰ্য্যসূচীয়ো গ্ৰহণ কৰে।