NORTHEAST NOW (Assamese)
অসম

সুখবৰ, ৰাজ্যত আৰু এগৰাকী ব্যক্তিৰ আৰোগ্য লাভ ক’ৰ’নাৰ সংক্ৰমণৰ পৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 6:55 pm
সুখবৰ, ৰাজ্যত আৰু এগৰাকী ব্যক্তিৰ আৰোগ্য লাভ ক’ৰ’নাৰ সংক্ৰমণৰ পৰা

ৰাজ্যত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংক্ৰিয় (Active) কেছৰ সংখ্যা শুকুৰবাৰে ৪২ গৰাকীলৈ হ্ৰাস পায়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এগৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ পাছতে এক্টিভ কেচৰ সংখ্যা আৰু এটা হ্ৰাস পায়।

‘‘জনাবলৈ পায় সুখী যে আৰু এগৰাকী কোভিড-১৯ আক্ৰান্তক পৰীক্ষাত নিগেটিভ অহাৰ পাছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। ৰাজ্যত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৪১ গৰাকীলৈ বৃদ্ধি পায়,’’ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, বিগত ১৩ মে’ত ৰাজ্যত ১৫ জনৰ শৰীৰত আৰু ১৪ মে’ত সাত গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

ৰাজ্যত বৰ্তমানলৈ ৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১ গৰাকী লোক চিকিৎসাৰ অন্তত সম্পুৰ্ণ সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিছে।

অসমত দুগৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু হৈছে আৰ এজন লোক সুস্থ হৈ উঠাৰ পাছত নিজ ৰাজ্যলৈ উভতি গৈছে।