NORTHEAST NOW (Assamese)
অসম

লাডাখ সংকট: কাইলৈ ভাৰত-চীনৰ মাজত পুনৰ দশম লানি আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 4:40 pm
india-china-

ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কাইলৈ দশম লানি আলোচনা অনুষ্ঠিত হ’ব।

কাইলৈ পুৱা ১০ বজাত ভাৰত-চীন সীমান্তৰ চীনৰ দিশে থকা মলডো অঞ্চলত এই আলোচনা অনষ্ঠিত হ’ব বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

এই আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিব। আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুয়ো দেশৰ মাজত হোৱা নৱম লানি আলোচনাৰ পিছতে ভাৰত আৰু চীনে সীমান্তৰ পৰা বৃহৎ সংখ্যক সেনা আঁতৰাই নিছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া আলোচনাত  সীমান্তৰ আন বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হ’ব।বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে কাইলৈৰ আলোচনাত হেঁচা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

ভাৰত-চীন সীমান্তৰ দৌলত বেগ অলডি অঞ্চলত দুয়োখন দেশৰ শীৰ্ষ সেনা বিষয়াৰ মাজত অনুষ্ঠিত আলোচনা কালতে চীনে পুনৰ সীমান্তৰ পৰা ভাৰতৰ সেনাক আঁতৰাই নিয়াৰ দাবী জনাইছিল।

সেই সময়ত অনুষ্ঠিত নৱম লানি  আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল  ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ  কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত  দুয়ো খন দেশৰ প্ৰায় ৫০,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছে।ইয়াৰে বহু সংখ্যক সেনা নৱম লানি আলোচনাৰ পিছত আঁতৰাই নিয়াৰ কাম আৰম্ভ হৈছে।

ইমানৰ পিছতো অৱশ্যে চীনৰ সাম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।