NORTHEAST NOW (Assamese)
অসম

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2021 2:32 pm
a modi

আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক ভাৰতীয়ই মোদীকেই পচন্দ কৰে।

শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাত সেই কথাই স্পষ্ট হৈ পৰিছে।

দেশৰ বহু সমস্যা সমাধানত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খন সফল হ’ব পৰা নাই যদিও গৰিষ্ঠসংখ্যক ভাৰতীয়ই মোদীৰ সলনি আন বিৰোধী দলৰ কোনো নেতাৰ ওপৰতে যেন দেশৰ পৰৱৰ্তী চৰকাৰ খনৰ দায়িত্ব এৰি দিব বিচৰা নাই।

‘আইএএনএছ-চি ভোটাৰ ষ্টেট অৱ দ্য নেছন’ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ ৫৯.২২ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাব বিচাৰে।

মোদীৰ নেতৃত্বতে দেশে প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ’ব বুলি এইসকল লোকে বিশ্বাস কৰে।

মোদীয়ে দেশত আত্মনিৰ্ভৰশীলতাৰ পথলৈ আগুৱাই নিয়াত সহায় কৰিব পাৰিব বুলি এইসকল লোকে বিশ্বাস কৰে।

জনপ্ৰিয়তাৰ দিশত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আছে দ্বিতীয় স্থানত।

ৰাহুল গান্ধীক দেশৰ ২৫.৬২ শতাংশ লোকে বিচাৰে বুলি সমীক্ষাটোত প্ৰকাশ ।

সমীক্ষাটোত লগতে এই বুলিও কোৱা হৈছে যে কেৰালা আৰু তামিলনাডুত ৰাহুলৰ ভাল জনপ্ৰিয়তা আছে।

দেশৰ আন ৰাজ্যত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল তেনেই নিম্নগামী বুলি সমীক্ষাটোৱে প্ৰমাণ কৰিছে।

কেৰালাত ৫৪.২৮ শতাংশ লোকে ৰাহুলক প্ৰধানমন্ত্ৰী হিচাবে পচন্দ কৰে।

আনহাতে তামিলনাডুৰ ৪৮.২৬ শতাংশ লোকে ৰাহুলক প্ৰধান মন্ত্ৰীৰ আসনত বহাটো কামনা কৰে।

হিমাচল প্ৰদেশ আৰু ওড়িশাত মোদীৰ জনপ্ৰিয়তা যথেষ্ঠ বেছি বুলি সমীক্ষাটোত কোৱা হৈছে।দেশৰ ১০ খন ৰাজ্যৰ ৬৫ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে।

জম্মু-কাশ্মীৰতো মোদীৰ জনপ্ৰিয়তা মুঠেও হ্ৰাস পোৱা নাই।

কাশ্মীৰত ৪৬.৭৪ শতাংশ লোকে মোদীক প্ৰধানমন্ত্ৰী হিচাবে পচন্দ কৰাৰ কথা সমীক্ষাটোত প্ৰকাশ পাইছে।