NORTHEAST NOW (Assamese)
Popular Stories

ৰাম মন্দিৰৰ নামত অবৈধ পুঁজি সংগ্ৰহ : অযোধ্যাত আটক দুজন প্ৰবঞ্চক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 6:14 pm

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা বৃহস্পতিবাৰে দুজন লোকক ৰাম মন্দিৰৰ নামত ভুৱা পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

তেজবীৰ সিং আৰু গৌৰৱ কুমাৰ নামৰ প্ৰবঞ্চক দুজনে এটা ভুৱা ৱেবচাইটৰ যোগেৰে পুঁজি সংগ্ৰহ কৰি আহিছিল।

শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এগৰাকী সদস্য ডঃ অনিল মিশ্ৰই দিয়া অভিযোগ অনুসৰি প্ৰৱঞ্চক দুজনে তেওঁলোকৰ ট্ৰাষ্টৰ অনুৰূপ নামৰ এক ৱেবচাইট খুলি নিজৰ ব্যক্তিগত বেংক একাউণ্ট সংলগ্ন কৰি পুঁজিসমূহ সংগ্ৰহ কৰিছিল।

ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে জনোৱামতে ৰাম মন্দিৰ নিৰ্মাণৰ অবৈধ পুঁজিসংগ্ৰহৰ অভিযোগত এই পৰ্যন্ত মুম্বাই, অযোধ্যা আৰু বিলাসপুৰকে ধৰি কেইবাখনো ঠাইত পাঁচখনকৈ এজাহাৰ দাখিল কৰা হৈছে।