NORTHEAST NOW (Assamese)
Popular Stories

অশ্লীল ভিডিঅ’! গ্ৰেপ্তাৰ হ’ব পাৰে বলিউদৰ অভিনেত্ৰী চেৰলীন চোপ্ৰা

February 19, 2021 6:46 pm

বলিউডৰ অভিনেত্ৰী তথা মডেল চেৰলিন চোপ্ৰাৰ বিৰুদ্ধে পৰ্ণগ্ৰাফিক ৱেবচাইটৰ বাবে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে।

অভিনেত্ৰীগৰাকীয়ে বম্বে’ উচ্চ ন্যায়ালয়ত পূৰ্ববৰ্তী জামিনৰ আবেদন কৰিছে।

মুম্বাই পুলিচে জনাইছে যে ২২ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত বিষয়টোৰ সন্দৰ্ভত শুনানী অনুযায়ী ব্যৱস্তা লোৱা হ’ব।

মধুকৰ কেনি নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াই দাখিল কৰা অভিযোগ অনুযায়ী গুগলত অভিনেত্ৰীগৰাকীৰ নাম টাইপ কৰিলেই বিভিন্ন ৱেবচাইটত অশ্লীল ভিডিঅ’ দেখা পোৱা যায়।

অভিনেত্ৰীগৰাকীৰ এই অপৰাধৰ সাক্ষীস্বৰুপে তেওঁ ভিডিঅ’সমূহ ডাউনলোড কৰি আৰক্ষীলৈ প্ৰেৰণ কৰে।

অভিনেত্ৰীগৰাকীয়ে আবেদনখনত উল্লেখ কৰিছে যে ভিডিঅ’সমূহ এটা নিৰ্দিষ্ট ৱেবচাইটৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু এইসমূহ পাইৰেচী কৰি পৰ্ণ ৱেবচাইটসমূহে মুকলিকৈ দৰ্শকৰ বাবে এৰি দিছে বুলি আশংকা কৰিছে।

অভিনে্তাগৰাকীয়ে অনুৰোধ কৰা আগতীয়া জামিন সন্দৰ্ভত ন্যায়ালয়ে জনোৱা মতে অশ্লীল ভিডিঅ’সমূহ কেনেদৰে প্ৰস্তুত কৰা হৈছিল, সেই সন্দৰ্ভত ‘মুখামুখী সোধা-পোছা’ৰ পাছতহে অভিনেত্ৰীগৰাকীৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।