NORTHEAST NOW (Assamese)
অসম

২৬ ফেব্ৰুৱাৰিত ভাৰত বন্ধ আৰু চকা বন্ধৰ আহ্বান দুটা সংগঠনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 4:49 pm
bharat-bandh-New-750x375

সমগ্ৰ দেশ জুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই ২৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ আহ্বান জনাইছে।

সংঘই শীঘ্ৰেই চৰকাৰক পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায়।

আনহাতে, সেইদিনাই কনফেডাৰশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছেও ভাৰত বন্ধৰ আহ্বান জনাইছে।

প্ৰস্তাৱিত ই-ৱে বিধেয়ক বাতিলৰ দাবীত ভাৰত বন্ধৰ আহ্বান জনাইছে কনফেডাৰশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।

চকা বন্ধৰ সময়ত ২৬ ফেব্ৰুৱাৰিত দেশত সামগ্ৰী পৰিবহনকাৰী ট্ৰাক সমূহৰ চলাচল সম্পুৰ্ণৰূপে বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত চাহিদা আৰু মূল্য বৃদ্ধি নোহোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ ক্ৰমবৰ্দ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়ে ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই চকা বন্ধৰ আহ্বান জনাইছে।