NORTHEAST NOW (Assamese)
অসম

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 8:34 pm
a ghana

অতিমাৰী কোভিডে সংহাৰৰ সৃষ্টি কৰা সমগ্ৰ বিশ্বৰ সকলো দেশে যাতে সম পৰিমাণে কোভিডৰ ভেকচিন লাভ কৰে সেই বিষয়ত অধিক গুৰুত্ব দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ইউনিচেফে।

বিশেষকৈ বিশ্বৰ বহু উন্নত দেশে প্ৰয়োজনতকৈ অধিক ভেকচিন ক্ৰয় কৰিছে যদিও আন বহু দেশে ভেকচিন লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

আফ্ৰিকাৰ দেশ সমূহে আজিও পৰ্যাপ্ত পৰিমাণে ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই।বিষয়টোকলৈ সেয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্বৰ সকলো দেশে যাতে সম ভাবে কোভিডৰ ভেকচিন লাভ কৰিব পাৰে সেই উদ্দেশ্যে বিশ্বস্বাস্থ্য সংস্থাই  COVAX  (COVID-19 Vaccine Global Access Facility) নামেৰে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিৰ অধীনত বিশ্বৰ ৯২ খন দেশক কোভিড ভেকচিন প্ৰদানৰ কাম হাতত লোৱা হৈছে। সেই মৰ্মে আজি ভাৰতে আফ্ৰিকাৰ দেশ ঘানালৈ ৬ লাখ কোভিড ভেকচিন প্ৰেৰণ কৰে।

ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা এষ্ট্ৰা জেনিকাৰ ৬ লাখ কোভিড ভেকচিন আজি পুনেৰ পৰা মুম্বাই আৰু ডুবাই হৈ ঘানাৰ ৰাজধানী আক্ৰাৰ কোটোকা আন্তৰ্জাতিক বিমান বন্দৰ গৈ পায় গৈ।ভাৰতে ঘানাৰ উপৰি কোট ডে আইভৰিকো ভেকচিন যোগান ধৰিব।

ঘানাক ভাৰতে কোভিড ভেকচিন যোগান ধৰাৰ প্ৰসংগত মন্তব্য কৰি ইউনিচেফৰ ভাৰতস্থিত প্ৰতিনিধি য়াছমিন হকে কয় যে বিশ্বৰ যি ৯২ খন দেশক কোভিডৰ ভেকচিন প্ৰদান কৰাৰ বাবে COVAX আঁচনি গ্ৰহণ কৰা হৈছে সেই দেশ সমূহৰ ভিত্ৰত ৮৫ খন দেশ কম আয়ৰ দুখীয়া দেশ।

COVAX আঁচনিলৈ জনোৱা সঁহাৰিৰ বাবে তেওঁ ছেৰাম ইনষ্টিটিউটক ধন্যবাদ জ্ঞাপন কৰে।