NORTHEAST NOW (Assamese)
Popular Stories

কেৰেলা : বাওঁগণতান্ত্ৰিক চৰকাৰে উঠাই ল’ব সাৱৰীমালা আৰু কা-বিৰোধী আন্দোলনৰ সকলো গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 1:39 pm

কেৰেলাৰ বাওঁগণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰখনে বুধবাৰে সিদ্ধান্তগ্ৰহণ কৰিছে যে সাৱৰীমালাত মহিলাৰ প্ৰৱেশ আৰু কা-বিৰোধী আন্দোলনত ৰাজ্যখনৰ থানাসমূহত পঞ্জীয়ন হৈ থকা সকলো গোচৰ উঠাই লোৱা হ’ব।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো মুখ্যমন্ত্ৰী পিন্নাৰায়ী বিজয়নৰ নেতৃত্বত বহা এখনি কেবিনেট মিটিঙত গ্ৰহণ কৰা হৈছে।

চৰকাৰৰ এই সিদ্ধান্তটো ৰাজ্যখনৰ কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটে আদৰণি জনাইছে।

আনহাতে বিজেপি নেতৃত্বাধীন এন.ডি.এ. মিত্ৰজোঁটে ইয়াৰ বিৰোধ কৰি মুখ্যমন্ত্ৰী বিজয়ৰ পৰা সাৱৰীমালা কাণ্ডৰ সময়ত গোচৰ ৰুজু কৰাৰ বাবে ক্ষমাপ্ৰাৰ্থনা বিচাৰিছে।

তদুপৰি বিজেপিয়ে কৈছে যে সাৱৰীমালা জাগৰণ আৰু কা-বিৰোধী আন্দোলনক একে শাৰীতে ৰখাটো গ্ৰহণযোগ্য নহয়।

২০১৮-১৯ চনত সংঘটিত হোৱা সাৱৰীমালা জাগৰণৰ সময়ত ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰায় ১৭,০০০ গোচৰ পঞ্জীয়ন কৰা হৈছিল।

আনহাতে ২০২০ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে চলা কা-বিৰোধী আন্দোলনৰ সময়ত ৫৩০ট গোচৰ পঞ্জীয়ন কৰা হৈছিল।

উল্লেখযোগ্য যে কংগ্ৰেছ আৰু বিজেপিয়ে সাৱৰীমালা সম্পৰ্কীয় গোচৰসমূহ উঠাই ল’বলৈ চৰকাৰক দাবী জনাই আহিছিল।

তদুপৰি ‘নায়াৰ চাৰ্ভিছ চ’চাইটি’ নামৰ এটা ধৰ্মীয় সংগঠনেও এই দাবী কৰি আহিছিল।

কেৰেলাৰ দেৱাশ্ৰম মন্ত্ৰী কাদাকাম্পাল্লী সুৰেন্দ্ৰণে জনায় যে প্ৰতিবাদত যোগ দিয়া লোকসকলৰ অনুৰোধ মৰ্মেই সিদ্ধান্তটো লোৱা হৈছে।

চিপিআই(এম)ৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সম্পাদক এ. বিজয়াৰাঘৱণে কয় যে গণতান্ত্ৰিক জনজাগৰণসমূহৰ প্ৰতি বাওঁমৰ্চাৰ কোনোধৰণৰ নেতিবাচক মনোভংগী নাই।

উল্লেখযোগ্য যে কেৰেলাত বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, আৰু এই সিদ্ধান্তটোৱে বাওঁগণতান্ত্ৰিক মৰ্চাক ৰাজনৈতিকভাৱে কেনেধৰণে প্ৰভাৱ পেলাব লক্ষ্যণীয় হ’ব।