NORTHEAST NOW (Assamese)
অসম

ডাবৰৰ ‘ৰিয়েল’ ব্ৰেণ্ডৰ ফলৰ ৰস খোৱাৰ অনুপযোগী নেকি?

Posted by: শশাংক তালুকদাৰ March 20, 2018 3:56 pm
REAL-FRUIT-JUICE

ডাবৰ কোম্পানিৰ পেকেটত উপলব্ধ ফলৰ ৰস ‘ৰিয়েল’ত পোৱা গৈছে অখাদ্য পঁচা দ্ৰব্য। বৰপেটাৰ পাঠশালাত কোম্পানিটোৰ ডালিমৰ ৰসত এজন গ্ৰাহকে দেওবাৰে লেতেৰা দ্ৰব্য পোৱাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে পাঠশালাৰ এখন স্থানীয় দোকানৰ পৰা এপেকেট ৰিয়েল ফলৰ ৰসত এই প্ৰতিবেদকেও একেধৰণৰ দ্ৰব্য পাইছে।

ঘটনাটোৱে গ্ৰাহকসকলক হতচকিত কৰিছে কাৰণ ৰিয়েল ফলৰ ৰসৰ পেকেটসমূহ খুব ভাল মানৰ বুলিয়ে জনাজাত আৰু ই গোটেই দেশতে খুব জনপ্ৰিয়ও।

কিন্তু কোম্পানিটোৰ এজন প্ৰতিনিধিক যোগাযোগ কৰাত তেওঁ নিজকে সুৰক্ষা দি দুদিনতকে বেছি দিন খুলি থ’লে ৰসত থকা ফলৰ আঁহসমূহ এইদৰে জমা হ’ব পাৰে বুলি ক’লে।