NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ পাছতে অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 28, 2021 7:17 pm

দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ প্ৰাক্তন মন্ত্ৰী তথা অজাপৰ নেতা পুলকেশ বৰুৱাক শাসনাধিষ্ঠ বিজেপি দলৰ কৰ্মী তথা সদস্যই আক্ৰমণ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয় ‘এইটো অগণতান্ত্ৰিক মানসিকতা। সকলো ৰাজনৈতিক দলৰে প্ৰচাৰ চলোৱা আৰু সভা-সমিতিত অংশগ্ৰহণ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে। বিজেপিৰ ভেৰণীয়া গুণ্ডাৰ দৰে মানসিকতাৰ জাহিৰ হৈছে। গণতন্ত্ৰৰ বাবে এই কথা ভাল নহয়।’

লগতে পঢ়ক : বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

‘এইখন অসমত কোনে কালৈ ভয় কৰিব পাৰে? কেৱল মাত্ৰ ভয় আছে জনতাৰ প্ৰতি। জনতাই বেয়া পোৱাৰ প্ৰতিহে ভয় আছে। ৰাইজৰ কাম যেতিয়া নকৰিব তেতিয়াহে ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিব।‘ লুৰীণে লগতে কয়।

উল্লেখ্য যে দেওবাৰে নলবাৰী জিলাত একাংশ বিজেপি কৰ্মীয়ে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ গাড়ীক আগচি ধৰি আক্ৰমণ কৰে।

৪৭/১ নং উপৰ বৰভাগ পঞ্চায়তৰ বিজেপিৰ সভাপতি মিণ্টু কলিতাৰ নেতৃত্বত বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ কৰ্মীয়ে আক্ৰমণ কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক।

এই আক্ৰমণ সংঘটিত হোৱাৰ পিছতে অসম জাতীয় পৰিষদে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

ইফালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই আক্ৰমণ ঘটনাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।