NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক মাধমাৰ : পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2021 3:52 pm
lpg-price-1614574930

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে যোৱা ২৫ ফেব্ৰুৱাৰিতো ৰন্ধন গেছৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছিল। এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ দাম বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ।

ইফালে যোৱা ৪ আৰু ১৪ ফেব্ৰুৱাৰিতো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল।

যোৱা ডিচেম্বৰৰ পৰা এতিয়ালৈকে ২০০ টকা বৃদ্ধি হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰ মূল্য।

সোমবাৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে গুৱাহাটীত ৰন্ধন গেছৰ মূল্য ৮৮৬ টকালৈ বৃদ্ধি পাইছে।