NORTHEAST NOW (Assamese)
Popular Stories

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2021 4:41 pm

সোমবাৰে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে বিধানসভাত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে এখন বিল উত্থাপন কৰে।

বিলখনৰ মতে ‘বিবাহ অথবা অন্যান্য প্ৰবঞ্চনা’ৰে ধৰ্মান্তৰকৰণ কৰিলে দোষীয়ে দহ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব।

বিধানসভাত ‘মধ্য প্ৰদেশ ফ্ৰীডম অৱ ৰিলিজন বিল২০২১’ নামৰ বিলখন উত্থাপন কৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই।

উল্লেখযোগ্য যে ইতিমধ্যে কেইবাখনো বিজেপিশাসিত ৰাজ্য, যেনে- উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে চৰকাৰে আইনী পদক্ষেপ হাতত লৈছে।