NORTHEAST NOW (Assamese)
অসম

ঢেকীয়াজুলি কিশোৰী ধৰ্ষণ কাণ্ড : ধৰ্ষণকাৰীক ফাঁচীৰ দাবী ৰাভা শিল্পী সমাজৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা March 3, 2021 6:59 am
index

ঢেকীয়াজুলিৰ কলাইগাঁও বালিগাঁৱৰ কণমানি কৰৱী ৰাভাক অচিনাক্ত দুৰ্বৃত্তই যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা অপহৰণ কৰি নি নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাভা আথেকমু ছামজা তথা ৰাভা শিল্পী সমাজে৷

বুধবাৰে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাৰ প্ৰিন্স ধাবাত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ৰাভা আথেকমু ছামজাই ঢেকীয়াজুলিৰ উক্ত বৰ্বৰ ঘটনাটোৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

অসম তথা দেশৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা ৰাভা জনগোষ্ঠীৰ শিল্পীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে গঠিত ৰাভা আথেকমু ছামজাৰ সভাপতি তৰুণ চন্দ্ৰ ৰাভাই বালিগাঁৱৰ ঘটনাটোক জঘন্য কাণ্ড আখ্যা দি উক্ত ঘটনাৰ উচিত তদন্তৰ দিহা কৰিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে মানৱ জাতিক লজ্জানত কৰা উক্ত ঘটনাৰ সৈতে জড়িত দোষীসকলক চিনাক্ত কৰাৰ ব্যৱস্থা কৰাৰ দাবী তুলি সভাপতি ৰাভাই কয় প্ৰকৃত দোষীক কৰায়ত্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যবস্থা কৰক চৰকাৰ প্ৰশাসনে৷

সভাপতি তৰুণ চন্দ্ৰ ৰাভাই দোষীৰ ফাঁচীৰ দাবীও তোলে৷ ইফালে ছামজাৰ উপ সভানেত্ৰী তথা বিচমিল্লা খাঁ যুৱ বটাঁৰে সন্মানিত বিশিষ্ট নাট্য কৰ্মী ৰয়ন্তী ৰাভাও ঢেকীয়াজুলিৰ ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা কৰে৷

ৰয়ন্তী ৰাভাই এই ক্ষেত্ৰত ৰাজ্যিক মহিলা আয়োগক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷

ইফালে হত্যাৰ বলি হোৱা কৰৱী ৰাভা আৰু তেওঁৰ মাতৃৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অহা ৭ মাৰ্চ ৰবিবাৰে ৰাভা শিল্পী সমাজে কলাইগাঁও বালিগাঁওলৈ যোৱাৰ সিদ্ধান্তৰ কথাও আজিৰ সংবাদ মেলতে ঘোষণা কৰে ৰাভা আথেকমু ছামজাই৷

ৰাভা শিল্পী সমাজৰ আজিৰ সংবাদ মেলত উপস্থিত থাকে সভাপতি তৰুণ ৰাভা, উপ সভানেত্ৰী ৰয়ন্তী ৰাভা, সম্পাদক কনক ৰায়, যুটীয়া সম্পাদক জোনালী ৰাভা আৰু সদস্য দেৱ ৰাভা৷