NORTHEAST NOW (Assamese)
অসম

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2021 6:24 pm
Madrassas1_0

কেন্দ্ৰীয়  কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা নতুন শিক্ষা নীতিৰ অধীনত দেশৰ ১০০ খন মাদ্ৰাছাত দিয়া হ’ব গীতা-ৰামায়ণৰ দৰে ধৰ্মগ্ৰন্থৰ জ্ঞান।

নেছনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিঙ (NIOS)ৰ অধীনস্থ মাদ্ৰাছাসমূহত আৰম্ভ কৰা হ’ব গীতা-ৰামায়ণৰ জ্ঞান প্ৰদানৰ প্ৰক্ৰিয়া।

কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতিৰ আলমতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

NIOSৰ অধ্যক্ষ সৰোজ শৰ্মাই প্ৰকাশ কৰা মতে মাদ্ৰাছাৰ তৃতীয়,পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত গীতা-ৰামায়ণৰ শিক্ষা প্ৰদান কৰা হ’ব।

প্ৰথমাৱস্থাত দেশৰ ১০০ খন মাদ্ৰাছাত এই শিক্ষা দিয়া হ’ব যদিও পিছলৈ ৫০০ খন মাদ্ৰাছাত গীতা-ৰামায়ণৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়।

নতুন শিক্ষা নীতি অনুসৰি ভাৰতীয় পৰম্পৰা তথা ঐতিহ্য সম্পৰ্কত শিক্ষাৰ্থীক জ্ঞান প্ৰদানৰ উদ্দেশ্যেই এনেদৰে মাদ্ৰাছাত গীতা-ৰামায়ণৰ শিক্ষা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

নতুন শিক্ষা নীতি অনুসৰি সম্প্ৰতি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে ১৫ টি পাঠ্যক্ৰম যুগুতাই উলিওৱা হৈছে।

এনে পাঠ্যক্ৰমে বেদ, যোগ, বিজ্ঞান,ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যৰ জ্ঞান আদি সামৰি লোৱা হৈছে।

উল্লেখ্য ৩৪ বছৰৰ পিছত ২০২০ চনৰ জুলাই মাহত দেশত নতুন শিক্ষা নীতি ঘোষণা কৰা হৈছিল।নতুন শিক্ষা নীতিত ৩ বছৰৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলক সামৰি লোৱা হ’ব।