NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 4, 2021 5:31 pm
Jiten Gogoi nomination.(1)

কৰ্মই আমাৰ ধৰ্ম মুলমন্ত্ৰৰে আজি বোকাখাত বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথমখন মনোনয় পত্ৰ দাখিল কৰে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে৷

বোকাখাত নিৰ্মাণ গোট নামৰ স্বেচ্ছাসেৱী গোটৰ বোকাখাত নগৰত থকা মুখ্য কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি বোকাখাত সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ গৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰে জিতেন গগৈয়ে ৷

নিজৰ নেতৃত্বত থকা বোকাখাত নিৰ্মাণ গোট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক আৰু বিষয়ববীয়াৰ উপৰিও পত্নী অনিমা গগৈক লগত লৈ আজি জিতেন গগৈয়ে মনোনয়ন দাখিল কৰে ৷

কৰ্মই আমাৰ ধৰ্ম নীতিৰে বোকাখাত সমষ্টিত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ লগতে নিবনুৱা যুৱক-যুৱতীৰ বাবে কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা বুলি জিতেন গগৈয়ে মন্তব্য কৰে ৷

মনোনয়ন পত্ৰ দাখিলৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বোকাখাত সমষ্টিত অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই তেওঁ মুল প্ৰতিদ্বন্দ্বী হ’ব বুলি মন্তব্য কৰে ৷

নৰেন্দ্ৰ মোডী বা ছোনিয়া গান্ধী যিয়েই নহওঁক কিয় বোকাখাতত কোনেও তেওঁক ৰুধিব নোৱাৰে বুলিও জিতেন গগৈয়ে লগতে কয় ৷

বিগত সময়ত তৰুণ গগৈৰ প্ৰতিমুৰ্তি নিৰ্মাণ আৰু গৌৰৱ গগৈৰ সৈতে কৰা ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতেই জিতেন গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হব পাৰে বুলি গুণাগঁথা চলিছিল যদিও আজি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাবেহে মনোনয় পত্ৰ দাখিল কৰে৷