NORTHEAST NOW (Assamese)
অসম

বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ গণৰোষৰ সন্মুখীন অগপ নেতৃত্ব,পাটাছাৰকুছিতো ক্ষোভৰ দাবানল

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ March 5, 2021 3:30 pm
bhaba

বিজেপি নেতৃত্বক তুষ্ট কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব বিচৰা অগপৰ নেতৃত্বৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ দাবালন সৃষ্টি হোৱা দেখা গৈছে।

এনে ঘটনাৰ ব্যতিক্ৰম ঘটা নাই পাটাছাৰকুছিতো।

পাটাছাৰকুছি সমষ্টিত টিকটকেন্দ্ৰিক বিতৰ্কক লৈ অব্যাহত আছে প্ৰতিবাদ, বিষোদগাৰ ।

কালি অগপত তৃণমূল কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ পিছত আজি পুনৰ পাটাছাৰকুছি বিধান পৰিষদৰ মুখ্য কাৰ্য্যালয়ৰ সমুখত অগপ কৰ্মীসকলে হাতে হাতে  দলৰ পতাকা লৈ পাটাছাৰকুছি সমষ্টি বিজেপি দলক কোনো কাৰণতে এৰি দিয়া নহব বুলি হুংকাৰ দিয়ে ।

প্ৰতিবাদকাৰীসকলে অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

আঞ্চলিকতাবাদৰ দুৰ্গ বুলি বিবেচিত এই সমষ্টি যদি তৃণমূল কৰ্মীৰ দাবী আৰু আহ্বানক আওকাণ কৰি বিজেপিক এৰি দিয়ে তেতিয়াহলে ইয়াত যে শাসকীয় দলৰ প্ৰাৰ্থীৰ বাবে পৰিবেশ ঠিক নহব সেয়া নিশ্চিত বুলি বিভিন্ন জনে মন্তব্য কৰিছে ।