NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2021 8:31 pm

প্ৰথমবাৰৰ বাবে বাংলাদেশৰ বেচৰকাৰী টিভি চেনেলত নিয়োগ কৰা হৈছে এগৰাকী তৃতীয় লিংগৰ সংবাদ পাঠিকাক।

তানসুভা আনন শিশিৰ নামৰ সংবাদ পাঠিকাগৰাকীক অহা সোমবাৰৰ পৰা বৈশাখী টিভি নামৰ চেনেলটোত দেখা পোৱা যাব।

আনহাতে শিশিৰৰ উপৰিও চেনেলটোত আন এগৰাকী তৃতীয় লিংগৰ লোক নুসৰৌত মৌকো দেখা যাব সোমবাৰে।

তেওঁ সোমবাৰে সন্ধ্যা ‘চাপাবাজ’ নামৰ এখন নাটকত অভিনয় কৰিব।

চেনেলটোৱে দেশৰ স্বাধিনতাৰ ৫০ বছৰ উপলক্ষে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

তৃতীয় লিংগৰ তানসুভা আনন শিশিৰ এগৰাকী মডেল আৰু অভিনেত্ৰী হিচাপেও কাম কৰিছিল।

চলিত বছৰটোত দুখনকৈ চিনেমাত তেওঁ অভিনয় কৰিছে।

এখন নাটকত তেওঁৰ মুখত শুদ্ধ বাংলা উচ্চাৰণ শুনি চেনেলটোৱে তেওঁক নিউজ ৰীডাৰ হিচাপে নিয়োগ কৰে।

এই সুখবৰ লাভ কৰি আনন্দিত হৈ পৰিছে তানসুভা শিশিৰ।

”আমি এইধৰণৰ কামত জড়িত হ’লে মানুহে আমাৰ অস্তিত্ব সম্পৰ্কে জানিব পাৰিব। এইটো ভাবি মই আনন্দিত।”- তেওঁ কয়।