NORTHEAST NOW (Assamese)
অসম

এটা চীনা মাটিৰ বাটিৰ দাম ৩.৬কোটি টকা! আচলতে কি আছেনো ইয়াত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2021 12:46 pm
WhatsApp Image 2021-03-07 at 12.32.59 PM

চীনা মাটিৰে নিৰ্মিত এটা আঢ়ৈ হাজাৰ টকীয়া বাটি আমেৰিকাত ৩.৬কোটি টকাত বিক্ৰী হ’বলৈ আগবাঢ়িছে।

কিন্তু এই বাটিটোতনো এনে কি আছে যাৰ বাবে নিলামত ইয়াক ইমান দাম দি কিনিবলৈ আগ্ৰহী হৈ পৰিছে।

বাতৰি অনুসৰি, বাটিতো পঞ্চদশ শতিকাৰ চানেকি। ক্ৰয় কৰা হৈছিল ৩৫ডলাৰ দি বাটিটো। কিন্তু নিলামত ১৫হাজাৰৰ পৰা ৫লাখ ডলাৰৰ ভিতৰত মূল্য ৰখা হৈছে।

অহা ১৭ মাৰ্চত নিলাম কৰা হ’ব বাটিটো। ফুলাম তথা আন চিত্ৰ অংকিত বাটিটোৰ ব্যাস ৬ইঞ্চি। পৃথিৱীত এনেধৰণৰ মুঠ ৭টা বাটি থকাৰ কথা জানিব পৰা গৈছে।

ছৌথৱিত নিলাম হ’বলগা বাটিটোৰ সম্পৰ্কত চৌথৱিৰ ভাইচ প্ৰেছিডেন্ট তথা কলা বিভাগৰ চীনা কৰ্মৰ মুৰব্বী মেকএট’ৰে কয় যে এইটো ক্ৰমে প্ৰমানিত হৈছে বাস্তৱতে এয়া এটা অনন্য কৰ্ম। চিত্ৰৰ ধৰণ, বাটিটোৰ আকৃতি তথা নীলা ৰঙে এইটো পঞ্চদশ শতিকাৰ বুলি প্ৰমান কৰে।

অৱশ্যে, বাটিটো প্ৰকৃতে কিমান প্ৰাচীন তাৰ কোনো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা হোৱা নাই। বিশেষজ্ঞ তথা এই সম্পৰ্কীয় প্ৰশিক্ষণপ্ৰাপ্ত লোকে তেওঁলোকৰ মতামত আগবঢ়াইছে।