NORTHEAST NOW (Assamese)
অসম

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2021 11:35 am
WhatsApp Image 2021-03-07 at 10.50.13 AM

আপুনিও যাব পাৰিব চন্দ্ৰলৈ। ল’ব পাৰে জোনবাইৰ সপোনৰ ঘৰলৈ যোৱাৰ সুযোগ। তাকো বিনা খৰচতে। আচৰিত যেন লাগিলেও এনে এক সুযোগ আগবঢ়াইছে জাপানৰ এগৰাকী ধনকুবেৰে।

জাপানৰ ধনকুবেৰ ইউচাকু মেজৱায়াই গ্ৰহণ কৰিছে এনে এক উদ্যোগ। ২০২৩চনত স্পেচ এক্সৰ এখন বিশেষ ফ্লাইটত তেওঁ চন্দ্ৰলৈ যাব। তেওঁৰ লগততযাবলৈ আঠজন লোকক তেওঁ নিমন্ত্ৰণ দিছে। সেই সকলোৰে খৰচ তেওঁ বহন কৰিব।

২০১৮চনতে প্ৰসিদ্ধ ফেশ্বন ব্যৱসায়ী ইউচাকুৱে এই অভিযানৰ বাবে বুকিং কৰিছিল। ইয়াৰ বাবে অৱশ্যে কিমান ধন খৰচ হৈছে সেয়া তেওঁ সদৰী কৰা নাই।

স্পেচ এক্স সংস্থাটোৱে  চন্দ্ৰলৈ যোৱাৰ বাবে ৰকেট নিৰ্মাণ কৰিছে। মহাকাশযানখনৰ সকলো আসনেই ইউচাকুৱে বুক কৰি লৈছে। তেওঁৰ লগত কোন সেই আঠজন যাব সেয়া তেওঁ নিজেই ঠিক কৰিব। ইয়াকে লৈ টুইটাৰত তেওঁ এটা ভিডিঅ’ প’ষ্ট কৰিছে।

ইয়াত তেওঁ সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া জানিবলৈ দিছে। তেওঁ লিখিছে,’’এই ভ্ৰমণত সমগ্ৰ বিশ্বৰ পৰা আঠজনক ভ্ৰমণসংগী হোৱাৰ বাবে মই আমন্ত্ৰণ জনাইছো।‘’

এই ভ্ৰমণৰ বাবে তেওঁ দুটা চৰ্তও ৰাখিছে। প্ৰথমতে ব্যক্তিগৰাকীৰ উদ্ভাৱনী শক্তি থাকিব লাগিব আৰু বাকী সদস্যসকলৰ সহায় কৰাৰ মানসিকতা থাকিব লাগিব।

জানিব পৰা মতে, এই মহাকাশযানত ১০ৰ পৰা ১২জন লোকে ভ্ৰমণ কৰিব পাৰে। মহাকাশযানখনে চন্দ্ৰৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আকৌ পৃথিৱীলৈ উভতি আহিব।

ইচ্ছুক ব্যক্তিসকলে অহা ১৪ মাৰ্চচৰ ভিতৰত আবেদন কৰিব লাগিব। ২১ মাৰ্চৰ ভিতৰত প্ৰাথমিক স্ক্ৰীনিঙৰ প্ৰক্ৰিয়া সামৰণি পৰিব। বাতৰি অনুসৰি, সাক্ষাৎকাৰ তথা মেডিকেল পৰীক্ষাৰ পাছতহে ভ্ৰমণৰ চূড়ান্ত অনুমতি পোৱা যাব আৰু সেয়া মে’ মাহৰ অন্তিম ভাগত হ’ব।