NORTHEAST NOW (Assamese)
অসম

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা March 7, 2021 5:10 pm
index

প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰিছে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সমষ্টিৰ বিজেপি দলৰ ভিতৰ চ’ৰা৷

সমষ্টিটোত বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বিজেপিৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বই দুধনৈ সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে দলীয় নেতা কৰ্মী৷

এই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে আজি কৃষ্ণাই চহৰত৷ দেওবাৰে পুৱা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত থকা বিজেপিৰ কৃষ্ণাই মণ্ডল কাৰ্যালয় চৌহদ বিভিন্ন শ্লগানেৰে উত্তপ্ত কৰি তোলে৷

কৰ্মীসকলে গোৱালপাৰা জিলাক বিজেপি শূণ্য নকৰিব, দুধনৈ সমষ্টিত বিজেপি প্ৰাৰ্থীক টিকট দিয়ক, দলীয় কৰ্মীৰ আবেগক গুৰুত্ব দিয়ক, ভাৰত মাতা কী জয় আদি শ্ল’গান দিয়াৰ অন্তত কাৰ্যালয়টোৰ মূল প্ৰৱেশ দ্বাৰত অনিৰ্দিষ্ট কাললৈ তলা ওলোমাই দিয়ে৷

উল্লেখ্য যে বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ নেতৃত্বত দুধনৈ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত বুলি দাবী কৰে দলীয় সমৰ্থকসকলে৷

তেনে ক্ষেত্ৰত সমষ্টিটোৰ দলীয় কৰ্মী-সমৰ্থকসকলক অন্ধকাৰত ৰাখি সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়া কাৰ্যটোক সহজভাৱে ল’ব পৰা নাই দলীয় নেতা কৰ্মীসকলে৷

ক্ষোভিত বিজেপি নেতা কৰ্মী তথা সমৰ্থকসকলে ৰাজ্যিক নেতৃত্বই আদেশ দিলেও কোনো কাৰণতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক সহযোগিতা আগ নবঢ়ায় বুলি অতি উষ্মাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷