NORTHEAST NOW (Assamese)
অসম

এইবাৰ গণভোটৰ জৰিয়তে বোর্খা নিষিদ্ধ কৰিলে ইউৰোপৰ আন এখন দেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2021 3:19 pm
a bor

বিশ্বৰ বহু দেশে মুছলমান মহিলাই পৰিধান কৰা বোৰ্খা নিষিদ্ধ কৰাৰ পিছত এইবাৰ ইউৰোপৰ আন এখন দেশে বোৰ্খা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

শেহতীয়াকৈ বোৰ্খা নিষিদ্ধ কৰা ইউৰোপৰ দেশ খন হৈছে ছুইজাৰলেণ্ড।

ছুইজাৰলেণ্ডে শেহতীয়াকৈ দেশ খনত অনুষ্ঠিত কৰা গণভোটত বোৰ্খাৰ সপক্ষে যিমান সংখ্যক লোকে ভোটদান কৰে তাতকৈ কিছু বেছি সংখ্যক লোকে বোৰ্খা পৰিধানৰ বিৰুদ্ধে ভোট দিয়ে।

ফলত ছুইজাৰলেণ্ডৰ চৰকাৰে অধিসূচনা জাৰি কৰি দেশ খনত বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰে।

এতিয়াৰে পৰা ছুইজাৰলেণ্ডত কোনো মহিলাই বোৰ্খা পৰিধান কৰি বজাৰ-সমাৰ কৰিব নোৱাৰিব বা ৰাজহুৱা স্থানত ওলাব নোৱাৰিব।

গণভোটত বোৰ্খা পৰিধান নিষিদ্ধ কৰাৰ সপক্ষে ভোটদান কৰে ১৪ লাখ ২৬ হাজাৰ ৯৯২ গৰাকী লোকে।

একেদৰে বোৰ্খা নিষিদ্ধ কৰাৰ বিৰুদ্ধে ভোটদান কৰে ১৩ লাখ ০৯ হাজাৰ ৬২১ গৰাকী লোকে।

উল্লেখ্য ছুইজাৰলেণ্ডৰ চৰকাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থতে বোৰ্খা নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছে যদিও ইছলামিক সংগঠন সমূহে এয়া চৰকাৰৰ ইছলাম বিৰোধী পদক্ষেপ বুলি মন্তব্য কৰিছে।

ইউৰোপৰ বহু কেই খন দেশে ইতিমধ্যে বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছে।

বোৰ্খা নিষিদ্ধ কৰা দেশ সমূহৰ ভিতৰত বহু কেইখন ইছলামিক দেশো আছে।