NORTHEAST NOW (Assamese)
অসম

ফটা বাঁহত জোৰা লগাবলৈ ‘অভিমানী’ শিলাদিত্যৰ বাসগৃহত উপস্থিত দাদা বিগ্ৰেডৰ পীযুষ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 11, 2021 8:52 pm
91cc9ff0-7301-43e2-8ad5-dc1762b3374b

ফটা বাঁহত জোৰা দিবলৈ অৰ্থ্যাৎ বিজেপিৰ পৰা টিকট বঞ্চিত অভিমানী শিলাদিত্য দেবৰ হোজাইৰ বাসগৃহত উপস্থিত হ’লগৈ দাদা বিগ্ৰেডৰ অন্যমত নেতা পীযুষ হাজৰিকা।

বৃহস্পতিবাৰে হোজাইস্থিত শিলাদিত্য দেবৰ বাসগৃহত সন্ধিয়া ভাগত উপস্থিত হৈ মন্ত্ৰী পীযুষে ঠেহ ভাঙিবলৈ চেষ্টা চলায়।

সুত্ৰ অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে পীযুষ হাজৰিকা উপস্থিত হয়গৈ শিলাদিত্যৰ বাসগৃহত। টিকট বঞ্চিত হৈ কালি নিশাৰ ভাগত হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ দিয়া শিলাদিত্যক বুজোৱাৰ চেষ্টা কৰে মন্ত্ৰী পীযুষে।

শিলাদিত্যৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত মন্ত্ৰী পীযুষে কয়, ‘মই ব্যক্তিগতভাৱে মোৰ জ্যেষ্ঠ ভাতৃ শিলাদিত্য দেবৰ ঘৰত আহিছো। শিলাদিত্য দেবে এনে এটা সুস্থিৰ সিদ্ধান্ত লওঁক যাতে অসমবাসীৰো ভাল হওঁক আৰু শিলাদিত্য দেবৰ ভৱিষ্যত ভাল হওঁক।‘

উল্লেখযোগ্য যে, কালি টিকটৰ পৰা বঞ্চিত হৈ ফেইচবুকযোগে তেওঁক বিজেপিয়ে গতিয়াই গুৰিয়াই আঁতৰ কৰি পেলোৱা বুলি পোষ্ট কৰিছিল। লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হোজাইৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল শিলাদিত্যই।