NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নেহৰুৰ পৰা মোডীৰ যুগলৈ এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণ এছ চি জমিৰৰ

Posted by: এন ই নাও নিউজ March 21, 2018 6:09 pm
SC-Jamir-

প্ৰবীণ নাগা ৰাজনৈতিক নেতা এছ চি জমিৰে উড়িষ্যাৰ ৰাজ্যপাল তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পন্ন কৰিছে।  মাৰ্চ মাহৰ ২০ তাৰিখে তেওঁ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱেঅৱসৰ গ্ৰহণ কৰিছে। ২০১৫ৰ মাৰ্চ মাহৰ ২১ তাৰিখে তেওঁ উড়িষ্যাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল।

কাৰ্যকাল শেষ হোৱাৰ পিছত মাৰ্চৰ ২০ তাৰিখে বৰ্ষীয়ান নেতাগৰাকীয়ে উড়িষ্যাৰ বিধানসভাত তেওঁত অন্তিমটো ভাষণ প্ৰদান কৰিছিল। গৰাকী নতুন ৰাজ্যপাল মনোনিত নোহোৱা পৰ্যন্ত বিহাৰৰ ৰাজ্যপাল সত্যপাল মালিকক উড়িষ্যাৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।

পাচ বাৰৰ বাবে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হোৱা জমিৰে গোৱা আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ সম্পন্ন কৰাৰ পিছত ২০১৩ চনত উড়িষ্যাৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৯ চনত তেওঁক গুজৰাটৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হৈছিল।

এই বৰ্ষীয়ান নেতাগৰাকীয়ে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ পৰা বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনলৈকে কাৰ্যভাৰ চম্ভালাৰ বিৰল বৈশিষ্ট্যৰ ৰাজনৈতিক নেতা।

১৯৬০ চনত ভাৰত চৰকাৰৰ সৈতে ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি  নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্যৰ মৰ্যাদা দিয়া  সকলৰ মাজত এজন আছিল এছ চি জমিৰ।