NORTHEAST NOW (Assamese)
Popular Stories

কভিড-১৯ নহয়, ভাৰতত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বেছি! কোন মন্ত্ৰীয়ে ক’লে এই কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 6:49 pm

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে কভিড়-১৯তকৈ পথ দুৰ্ঘটনাত পতিত হৈ বেছি লোক নিহত হৈছে।

মন্ত্ৰীজনে কয় যে যোৱা এবছৰৰ ভিতৰত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা কভিড-১৯ত সংক্ৰমিত হৈ নিহত হোৱা লোকতকৈ বেছি।

এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনা কমাবলৈ ব্যৱস্থা লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

লোকসভাৰ প্ৰশ্নোত্তৰ কালত, গাডকাৰীয়ে কয় যে যোৱা এবছৰত ভাৰতত ১.৫ লাখ লোক পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে, আনহাতে ক’ভিড-১৯ত মৃত্যুমুখত পৰিছে ১.৪৬ লাখ লোক।

তদুপৰি তেওঁ কয় যে সমীক্ষা অনুযায়ী পথ দুৰ্ঘটনাত নিহত হোৱা বেছিভাগ লোকৰে বয়স ১৮ৰ পৰা ৩৫ বছৰৰ ভিতৰত।

শেহতীয়াকৈ, ৱৰ্ল্ড বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

ৱৰ্ল্ড বেংকৰ মতে, ভাৰতত বছৰি ৪.৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

যাৰ ফলত জিডিপিৰ ৩.১৪ শতাংশ এই পথ দুৰ্ঘটনাসমূহত খৰচ কৰিবলগা হৈছে।