NORTHEAST NOW (Assamese)
অসম

বিগত চাৰি মাহৰ ভিতৰত আজিৰ দিনটোতে দেশত কোভিডত আক্ৰান্ত হৈছে সৰ্বাধিক সংখ্যক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2021 1:21 pm
covid19-750x375

ভেকচিন ওলাইছে, কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই দেশ।

দেশত কিছুদিন আগলৈকে কোভিডৰ সংহাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে।

বিগত চাৰি মাহৰ ভিতৰত আৰ্জিৰ দিনটোতে দেশত সৰ্বাধিক সংখ্যক লোক কোভিডত আক্ৰান্ত হোৱাৰ কথাই সকলোকে পুনৰ শংকিত কৰি তুলিছে।

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে।

বিগত ২৪ ঘণ্টাত ভাৰতত  ৪০,৯৫৩ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ ১,১৫,৫৫,২৮৪ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে।

আনহাতে, ভাৰতৰ বিভিন্ন ৰাজ্যত বিগত ২৪ ঘণ্টাত ১৮৮ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

ভাৰতত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত ১,৫৯,৫৫৮ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। পঞ্জাৱৰো বিভিন্ন প্ৰান্তত লকডাউন ঘোষণা কৰা হৈছে।