NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বিহডুবি গাঁৱত প্ৰাতঃভ্ৰমণলৈ গৈ গজৰাজৰ গচকত এজনৰ কৰুণ মৃত্যু

Posted by: ৰিদিপ শৰ্মা, ৰমনী শৰ্মা March 22, 2018 1:09 pm
Man trampled to death by Wild Jumbo

কলিয়াবৰৰ শিলঘাটৰ বিহডুবি গাঁৱত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত আজি পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়।

হাতীৰ আক্ৰমণত থিতাতে নিহত হোৱা লোকজনক বিহডুবি গাঁৱৰ ৰাজু চৌহান বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, আজি পুৱা প্ৰায় ৫:৩০ বজাত প্ৰাতঃভ্ৰমণলৈ যোৱা লোকজন নিজ বাসগৃহৰ পৰা এশ মিটাৰ দুৰত্বতে এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ সন্মুখীন হয়।

হাতীটোৰ কবলৰ পৰা ৰাজু চৌহানে পলাই সাৰিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও শিলঘাটৰ বিহডুবি গাঁৱৰ মথাউৰিৰ সমীপতে হতীটোৱে খেদি-খেদি আক্ৰমণ কৰাত লোকজনে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ লগতে বনবিভাগৰ লোক উপষ্ঠিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত ৰাজু চৌহানৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ গাওঁখনতে শোকৰ ছা পেলাইছে।