NORTHEAST NOW (Assamese)
অসম

আৰ পি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিয়ে গোৰ্খাক অপমান কৰিছে: গৌৰৱ গগৈ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ March 24, 2021 6:47 am
dav

‘আৰ পি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিয়ে গোৰ্খাক অপমান কৰিলে’। মঙলবাৰে ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বাকপটু মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰে।

তেওঁ ভাষণ প্ৰসঙ্গত কয় যে বিজেপি চৰকাৰে দিয়া ৮৩০ টকাটো পাবলগীয়াই পোৱা নাই, নাপাবলগীয়াই পাইছে। তেওঁলোকে হেনো মাহেকত প্ৰতিগৰাকী গৃহিণীক ২ হেজাৰ টকাকৈ দিব।

তেওঁ কয়, ‘এই হাত কংগ্ৰেছৰ হাত নহয়, এই হাত অসমৰ প্ৰতিগৰাকী আবাল বৃদ্ধ বনিতাৰ হাত।’ বিজেপিত দুজন মুখ্যমন্ত্ৰী আছে বুলি কটাক্ষ কৰি তেওঁ কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ ব্যাখ্যাও আগবঢ়ায়।

অসমত কংগ্ৰেছ চৰকাৰ হ’লে গোৰ্খাৰ ডি ভোটাৰ নাইকিয়া কৰিব বুলি কৈ ‘কা’ৰ নামত বিজেপিয়ে সংখ্যালঘু, খ্ৰীষ্টান, জনজাতি আদিৰ ৫ যুৱকক গুলীয়াই মাৰিলে বুলি আক্ষেপ কৰে।

তেওঁলোকৰ চৰকাৰ হ’লে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালে পেঞ্চন পাব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি গগৈয়ে কয় যে ইমান দুৰ্বল মুখ্যমন্ত্ৰী যে চাহ শ্ৰমিকক প্ৰতিশ্ৰুতি দিয়া দৈনিক মজুৰিৰ ৫০ টকাও বৃদ্ধি কৰিব নোৱাৰিলে।

সুদীৰ্ঘ ৩৫ মিনিট জোৰা ভাষণত গৌৰব গগৈয়ে কংগ্ৰেছ মানে শান্তি, প্ৰগতি আৰু নিৰাপত্তা বুলিও দোহাৰে। তেওঁ কয় ‘এই নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ।’

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনথেম নগাপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত সভাত মঙলবাৰে সন্ধিয়া উপস্থিত থাকে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ৷ কংগ্ৰেছৰ মাৰ্ঘেৰিটাৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে।

মাৰ্ঘেৰিটাৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড় সকলোতে কংগ্ৰেছৰ প্ৰাৰ্থী জয় লাভ কৰিব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰাৰ লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে যি দুৰ্নীতিৰ বজাৰ মেলিছে কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো বন্ধ কৰিব।

আনহাতে, কংগ্ৰেছৰ ৫ টা গেৰাণ্টিৰ কথা উল্লেখ কৰে গৌৰৱ গগৈয়ে। সভাত শতাধিক লোক উপস্থিত থাকে।