NORTHEAST NOW (Assamese)
অসম

গো-মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য! বিতৰ্কিত মন্তব্য কৰা বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 2:54 pm
BNM-1

গো-মাংসক ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে অভিহিত কৰি এতিয়া নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে এগৰাকী বিজেপি প্ৰাৰ্থী।

গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এখন নিৰ্বাচনী সভাত এই বুলি মন্তব্য কৰিছিল যে গো-মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য।

মুছলমান ভোটৰক আকৃষ্টি কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কৈছিল যে গো-মাংস যিহেতু ৰাষ্ট্ৰীয় খাদ্য সেয়ে ইয়াক নিষিদ্ধ কৰিবলৈ কোনে সাহস কৰিব?

বিজেপি প্ৰাৰ্থীগৰাকীৰ এনে মন্তব্যকলৈ ৰাজ্যজুৰি তুমুল প্ৰতিতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে আজি নিৰ্বাচন আয়োগে বিজেেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

যোৱা বছৰৰ ২৯ ডিচেম্বৰত বিজেপিত যোগদান কৰা মুছাহাৰীয়ে নিৰ্বাচনী সভা খনত মুছলমান ভোটৰক আকৰ্ষণ কৰিবলৈ কৈছিল যে গো-মাংস হৈছে এবিধ আন্তঃৰাষ্ট্ৰীয় খাদ্য।

অসমৰ গাঁও অঞ্চলত বাস কৰা শিক্ষিত মুছলমান লোকসকলে এই কথা ভালদৰে বুজি পায় যে এনে হেন আন্তঃৰাষ্ট্ৰীয় খাদ্য এবিধগ বিক্ৰী নিষিদ্ধ কৰাৰ কাৰো সাধ্য নাই।

উল্লেখ্য ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাবে বিজয়াী হৈছিল।

২০০১ চনতো মুছাহাৰীয়ে অগপৰ প্ৰার্থী হিচাবে গৌৰীপুৰ সমষ্টিৰ পৰাই জয়ী হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ বিপিএফত যোগদান কৰি ২০১১ চনৰ নিভাচনত বিজয়ী হৈছিল।