NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ নিৰ্বাচনী প’ষ্টাৰ বিকৃত : প্ৰতিপক্ষ দললৈ অভিযোগৰ আঙুলি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 24, 2021 8:25 pm
Election poster.3

বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন থকাৰ সময়ত বোকাখাত বিধান সভা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ৷

সমষ্টিটোত থকা ১১ গৰাকী প্ৰাৰ্থীৰ লগতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ উপৰিও ৰাইজৰ দল সমৰ্থিত প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰা নিৰ্বাচনী প্ৰচাৰত অগবঢ়া দেখা গৈছে৷

এনে পটভূমিত বুধবাৰে কংগ্ৰেছ মহাজোঁটৰ উদ্যোগত বোকাখাতৰ কংগ্ৰেছ ভৱনত আয়োজিত এক সংবাদ মেলত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী প্ৰণৱ দলেৰ পোষ্টাৰ বিকৃত কৰি বোকাখাত সমষ্টি চুকে-কোণে কোনো দুষ্কৃতিকাৰীয়ে লগোৱা বুলি অভিযোগ উত্থাপন কৰে৷

মহাজোঁটৰ বিভিন্ন প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই সংবাদ মেলত বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰচাৰ বিকৃত কৰাৰ বাবে প্ৰতিপক্ষক জগৰীয়া কৰে৷ লগতে প্ৰণৱ দলে জয়ী হ’লে বোকাখাত সমষ্টিতো ভৱিষ্যতে অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষতি হ’ব বুলি অপপ্ৰচাৰ চলোৱা হৈছে৷

নিৰ্বাচনী যুঁজত জনপ্ৰিয়তা লাভ কৰা প্ৰণৱ দলেক বিপদত পেলাৱৰ বাবে চলোৱা এই ষড়যন্ত্ৰক গৰিহণা দিয়াৰ লগতে মহাজোঁটৰ সকলো দলেই এই ক্ষেত্ৰত উচিত তদন্ত কৰি ষড়যন্ত্ৰকাৰীক উচিত শাস্তি দিবৰ বাবে ধৰ্মেশ্বৰ কুৰ্মী আৰু মহাজোঁটৰ বাওঁপন্থী দলৰ প্ৰতিনিধি বলো বৰাই আহ্বান জনায়৷