NORTHEAST NOW (Assamese)
Popular Stories

মোদীৰ ভ্ৰমণৰ প্ৰতিবাদত উত্তাল বাংলাদেশ, ৪জন লোক আৰক্ষীৰ হাতত নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2021 7:02 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণক লৈ প্ৰতিবাদত উত্তাল হৈ আছে দেশখনৰ বিভিন্ন অঞ্চল।

শুকুৰবাৰে দেশখনৰ অন্যতম চহৰ চিট্টাগঙত চাৰিজন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলিত নিহত হৈছে।

আৰক্ষীৰ ৰাবাৰ বুলেট নিক্ষেপ কৰাৰ ফলত প্ৰতিবাদকাৰীকেইজনৰ মৃত্যু হয়।

আনহাতে, দেশখনৰ ৰাজধানী ঢাকাতো অজস্ৰ লোকে মোদীৰ বাংলাদেশ ভ্ৰমণৰ বিৰোধিতা কৰিছে।

বৰ্তমানলৈকে দুজনকৈ সংবাদকৰ্মীয়ে আৰক্ষীৰ স’তে হতাহতিত লিপ্ত হৈ আঘাটপ্ৰাপ্ত হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।