NORTHEAST NOW (Assamese)
Popular Stories

‘মৌত কা সদাগৰ’! মোদীৰ ভ্ৰমণক লৈ উত্তাল বাংলাদেশ, মৃত্যু হ’ল ১৩ জনকৈ প্ৰতিবাদকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 12:30 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শেহতীয়াকৈ সামাজিক মাধ্যমত ‘মৌত কা সদাগৰ’ অৰ্থাৎ ‘মৃত্যুৰ সদাগৰ’ হিচাপে নাম দিয়া হৈছে।

শেহতীয়াকৈ সমাপ্ত কৰা তেওঁৰ বাংলাদেশ ভ্ৰমণক লৈ দেশখন প্ৰতিবাদত উত্তাল হৈ আছে।

বাংলাদেশৰ স্বাধিনতাৰ অৰ্ধশতবাৰ্ষিকী উপলক্ষে তেওঁ দেশখন ভ্ৰমণ কৰিছিল।

বাতৰিমতে, এতিয়ালৈকে ১৩জনকৈ প্ৰতিবাদকাৰী সুৰক্ষা বাহিনীৰ হাতত প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে ৫জন আৰু শনিবাৰে ৬জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।

আনহাতে, দেওবাৰে পুনৰ ২জন প্ৰতিবাদকাৰীৰ মৃত্যু হয়।

প্ৰতিবাদকাৰী দুজন দেশখনৰ পূব প্ৰান্তৰৰ ব্ৰাহ্মণবাৰীয়া জিলাৰ বাসিন্দা।

দুয়োজন প্ৰতিবাদকাৰী ‘হেফাজত-ই-ইচলাম’ নামৰ উগ্ৰ ইছলামিক সংগঠনটোৰ সদস্য।

সংগঠনটোৱে মোদীয়ে ভাৰতত মুছলিমৰ বিৰুদ্ধে সাম্প্ৰদায়িক হিংসাক উদ্‌গণি যোগোৱাৰ অভিযোগত প্ৰতিবাদ কৰিছিল।

এই উগ্ৰ ইচলামিক সংগঠনটোৰ বাদেও দেশখনৰ বিৰোধী ৰাজনৈতিক দলৰ যুৱ বাহিনী আৰু বাওঁপন্থী সংগঠনসমূহেও মোদীৰ বাংলাদেশ ভ্ৰমণক লৈ শুকুৰবাৰে আৰু শনিবাৰে প্ৰতিবাদ সাব্যষ্ট কৰিছিল।