NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ আইএছবিটিত ভয়ংকৰ অগ্নিকাণ্ড,দাউ দাউকৈ জ্বলিল বাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 8:52 pm
isbt

গুৱাহাটীৰ  গড়চুকৰ আইএছবিটিত আজি সন্ধিয়া প্ৰায় ৮-১২ বজাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাছ টাৰ্মিনাছটোত দুখন বাছ দাউ দাউ কৈ জ্বলি উঠিছে।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।জানিব পৰা মতে জুই লগা বাছ দুখন অসম  ৰাজ্যিক পৰিবহন নিগমৰ অধীনষ্ঠ এখন পুৰণি গাড়ী।

গাড়ী দুখন বেয়া হোৱা বাবে বাছ আস্থানটোত ৰখাই থোৱা হৈছিল বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

বাছ দুখনত জুই লগাৰ পিছতে সমগ্ৰ বাছ আস্থানটোতে আতংক বিয়পি পৰে।

অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখন বাহন ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।