NORTHEAST NOW (Assamese)
অসম

অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব আৰু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগিব: ছলমান খুৰছিদ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী April 4, 2021 6:46 am
IMG20210402163640

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিত কংগ্ৰেছ -এআইডিইউএফৰ সমৰ্থক সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতিনৰ সমৰ্থনত চাকলাত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত সাংসদ আব্দুল খালেকে কেইবাটাও অভিযোগ উত্থাপন কৰে।

অসম গণ পৰিষদ দল বিজেপিৰ গোলাম হৈ পৰিছে বুলি কলেও ভুল কোৱা নহব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

বঙাইগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি মাফিজুৰ ৰহমানৰ পৌৰহিত্বত অনুষ্ঠিত সভাত এইদৰে কয় বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে।

তেওঁ লগতে মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত, সেয়ে কংগ্ৰেছে পাঁচটা গেৰাণ্টি পালন কৰিব বুলি দৃঢ়তাৰে কয়।

মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্যক গৰিহনা দিয়ে সাংসদ আব্দুল খালেক। যদি মহাজোটৰ প্ৰাৰ্থী আব্দুল বাতিনে বিধান সভাত মাত নামাতে তেন্তে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনত টিকট নাপাব বুলি কয়।

আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰছিদে অসমত মহাজোঁটৰ চৰকাৰ হব আৰু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগিব বুলি কয়।

সভাত কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি ছলমান খান, শাকিল আহমেদ, প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰ আদি কৰি বহু নেতা-কৰ্মীয়ে ভাষণ দিয়ে।

সভাত ভালেসংখ্যক অগপ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।