NORTHEAST NOW (Assamese)
অসম

মোবাইলৰ পৰা সাৱধান! ফোনত ব্যস্ত হৈ থাকি নাৰ্ছে এগৰাকী মহিলাকে দুবাৰ দিলে কৰ’নাৰ ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 9:12 am
Covid vaccine

কৰ’নাৰ পৰা ৰক্ষা পাবলৈ এগৰাকী মহিলাই কৰ’নাৰ ভেকচিন ল’বলৈ গৈছিল। কিন্তু তাতেই ঘটিল এক অথন্তৰ।

ফোনতে ব্যস্ত থাকি মহিলাগৰাকীক এবাৰ এবাৰকৈ দুবাৰ ভেকচিন দিলে নাৰ্ছে। তাৰ পাছত মহিলাগৰাকী হাতৰ তীব্ৰ যন্ত্ৰণাত কাবু হৈ পৰে।

এই ঘটনা সংঘটিত হৈছে কানপুৰৰ দেহাতত। ইয়াৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ’নাৰ ভেকচিন ল’বলৈ আহিছিল কমলেশ দেবী নামৰ এগৰাকী মহিলা।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে অৰ্চনা নামৰ নাৰ্ছগৰাকী ফোনত কথা পতাত ব্যস্ত আছিল।

ফোনত কথা পাতি থাকিয়েই নাৰ্ছগৰাকীয়ে প্ৰথমতে তেওঁক এটা ইঞ্জেকশ্যন দিয়ে। তাৰ পাছত নিয়ম মতে মহিলাগৰাকী চকীত বহি আছিল।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি ইয়াৰ মাজতে নাৰ্ছগৰাকীয়ে আহি আৰু এবাৰ তেওঁক ইঞ্জেকশ্যন দিয়ে।

মহিলাগৰাকীয়ে প্ৰথমতে দুবাৰ ইঞ্জেকশ্যন দিয়াৰ ঘটনাটো ধৰিব পৰা নাছিল। কিন্তু এদিনতে দুবাৰ ইঞ্জেকশ্যন দিয়াত তেওঁৰ সমস্যাৰ উদ্ভৱ হয়। প্ৰচণ্ড বিষ অনুভুত হোৱাৰ লগতে হাতখন ফুলি যায়।

মহিলাগৰাকীয়ে লগে লগে নাৰ্ছৰ পৰা এই বিষয়ে জানিব বিচাৰে। তেতিয়াও নাৰ্ছগৰাকী ফোনতে ব্যস্ত হৈ আছিল।

গোটেই ঘটনাটো জানিব পাৰি নাৰ্ছগৰাকীৰ নাজল-নাথল অৱস্থা। ফোনত কথা পাতি পাতি থাকোতেই যে তেওঁ মহিলাগৰাকীক দুবাৰ ভেকচিন দিলে তালৈ ভ্ৰূক্ষেপেই নাছিল।

কমলেশ দেবীয়ে অভিযোগ কৰা মতে এই ঘটনাৰ বাবে ক্ষমা বিচৰাৰ সলনি নাৰ্ছ গৰাকী ওলোটাই ক্ষব্ধহে হৈ পৰে। মহিলাগৰাকীয়ে কিয় তেওঁক আগতে নক’লে তাৰ বাবে মহিলাগৰাকীকহে জগৰীয়া কৰি হৈ চৈ কৰে।

পিচে, ইমান ডাঙৰ এক ভুলৰ অভিযোগ অস্বীকাৰ কৰে কানপুৰৰ স্বাস্থ্য বিভাগে। সেইদৰে নাৰ্ছগৰাকীয়েও ভুল কৰি দুবাৰ ভেকচিন দিয়া হৈ গ’ল বুলি গা এৰি পলাইছে।