NORTHEAST NOW (Assamese)
Popular Stories

অশ্বিনৰ ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ৱেষ্ট ইণ্ডিজৰ ইনিংছ! অভিষেকতে মেচৰ শ্ৰেষ্ঠ যশস্বী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2023 11:13 am

কালি যেতিয়া যশস্বী জয়ছোৱালৰ ১৭১ আৰু বিৰাট কোহলীৰ ৭৬ ৰানৰ ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৪২১ ৰান ইনিংছ ঘোষণা কৰাৰ সিদ্ধান্ত লয়, তেতিয়াই সকলো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মনত এটা কথাই খেলিছিল কিমান সোনকালে তেওঁলোকে ঘৰলৈ উভতিব পাৰিব। ঠিকেই, কালি ডমিনিকা টেষ্টৰ তৃতীয় দিন শেষ হোৱাৰ আগতেই তেওঁলোকে আৰু অপেক্ষা কৰিব লগা নহ’ল। ৱেষ্ট ইণ্ডিজে বেট ধৰি ৫০ অভাৰতকৈ বেছি টিকিব নোৱাৰিলে।

দুৰ্বল কেৰিবিয়ান দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৩০ ৰানত অল আউট হোৱাৰ পাছত ভাৰত এটা ইনিংছ আৰু ১৪১ ৰানেৰে বৃহৎ জয় সাৱ্যস্ত কৰে। তেওঁলোকে নিজেই যেন পাহৰি গৈছে যে এসময়ত ক্ৰিকেট বিশ্বক শাসন কৰিছিল এই দলটোৱেই। এতিয়া টি-২০ বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। টেষ্ট ফৰ্মেটতো তেওঁলোকৰ প্ৰদৰ্শন নিৰাশাজনক।

ফটো সৌজন্য: বিচিচিআই।

 

কালি ৰবি অশ্বিনৰ ঘূৰ্ণীৰ আগত অসহায়ভাৱে আত্মসমৰ্পণ কৰে কেৰিবিয়ান বেটছমেনসকলে। প্ৰথম ইনিংছৰ দৰেই স্থানীয় খেলুৱৈ আৰু টেষ্টত অভিষেক ঘটোৱা অথিনাজে (২৮) দ্বিতীয় ইনিংছতো দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। কিন্তু কালি তেওঁলোকৰ কোনো এজনে ৩০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। দুয়োটা ইনিংছতে ভাৰতীয় যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালৰ ব্যক্তিগত স্ক’ৰ অতিক্ৰম কৰিবলৈকে ব্যৰ্থ হয় দলটো।

ফটো সৌজন্য: বিচিচিআই।

প্ৰথম ইনিংছত ৫টা উইকেট লোৱাৰ পিছত অশ্বিনে দ্বিতীয় ইনিংছতো ৱেষ্ট ইণ্ডিজৰ বেটিং লাইন কাৰ্যতঃ ধ্বংস কৰে। অশ্বিনে দ্বিতীয় ইনিংছত ৭ উইকেট আৰু মেচখনত ১২টা উইকেটৰে অনিল কুম্বলেক অতিক্ৰম কৰে। ভাৰতীয় ক্ৰিকেটাৰ এজনে এখন খেলতে সৰ্বাধিক ১০ উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছিল কুম্বলেই। অতি কম মেচ খেলি অশ্বিনে তেওঁক স্পৰ্শ কৰিছে।

ফটো সৌজন্য: বিচিচিআই।

মেন অৱ দ্য মেচ সন্মা লাভ কৰাৰ পিছত যশস্বীয়ে ৰোহিত শৰ্মাক ধন্যবাদ জনাই কয় যে তেওঁ বেটিং কৰাৰ সময়ত তেওঁক অহৰহ পৰামৰ্শ দি আহিছিল। কিন্তু তেওঁ আগতেই কৈছিল যে এয়া মাত্ৰ আৰম্ভণিহে আৰু তেওঁ ইয়াতেই থমকি ৰ’ব নিবিচাৰে। ভৱিষ্যতে নিজকে আৰু ডাঙৰ স্থানত চাব বিচাৰে বুলি যশস্বীয়ে কয়।