NORTHEAST NOW (Assamese)
অসম

ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ বাবেই মৃত্যু হৈছিল এলভিছ প্ৰেছলীৰ কন্যা লিজাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2023 12:26 pm

ওজন কমাব পৰা অস্ত্ৰোপচাৰৰ জটিলতাত মৃত্যু হৈছিল গায়িকা তথা গীতিকাৰ লিজা মেৰী প্ৰেছলীৰ। লিজা আছিল বিখ্যাত ৰকষ্টাৰ এলভিছ প্ৰেছলীৰ একমাত্ৰ সন্তান।

লিজাৰ মৃত্যুৰ কাৰণ ঘোষণা কৰাৰ সময়তে চিকিৎসা পৰীক্ষকে এই তথ্য দিছে।

লগতে পঢ়ক: বিস্ময়! কান্ধৰ পৰা বিচ্ছিন্ন হোৱা মূৰ পুনৰ জোৰা লাগিল; অস্ত্ৰোপচাৰেৰে চিকিৎসকৰ অসাধ্য সাধন

চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫৪ বছৰ বয়সত লিজাৰ মৃত্যু ঘটিছিল। ঘৰত অচেতন অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত লিজাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লছ এঞ্জেলছৰ চিকিৎসা পৰীক্ষকে জনোৱা মতে, ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ ফলত তেওঁৰ মৃত্যু হৈছে। লিজাৰ স্বাভাৱিকভাৱে মৃত্যু হোৱা নাছিল।

লগতে পঢ়ক: ৰাজপথত আঁঠুকাঢ়ি ক্ষমা প্ৰাৰ্থনা; যুৱতীলৈ ‘অশ্লীল’ মেচেজ প্ৰেৰণ কৰা আৰক্ষী বিষয়াক এইবাৰ নিলম্বন

ওজন কমাব পৰা প্ৰক্ৰিয়া হিচাপে লিজাৰ পাকস্থলীত অস্ত্ৰোপচাৰ কৰা হৈছিল।