NORTHEAST NOW (Assamese)
Popular Stories

বয়ফ্ৰেণ্ড ভিকী কৌশলৰ পাছতে ক’ভিড-১৯ত আক্ৰান্ত হ’ল অভিনেত্ৰী কেটৰিণা কাঈফ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 6:04 pm

ক’ভিড-১৯য়ে ছানি ধৰিছে বলিউড।

কেইবাজনো তাৰকাই ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত এইবাৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাঈফৰো ক’ভিড পজিটিভ পোৱা গৈছে।

ইনষ্টাগ্ৰামযোগে অভিনেত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে জনাইছে যে বৰ্তমান তেওঁ চিকিৎসকে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰি নিজা বাসগৃহত কোৱাৰেণ্টাইনত আছে।

তদুপৰি তেওঁৰ স’তে সম্পৰ্কলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে যোৱাকালি তেওঁৰ বয়ফ্ৰেণ্ড তথা অভিনেতা ভিকী কৌশলৰো ক’ভিড প’জিটিভ ধৰা পৰিছিল।

ভিকী কৌশলৰ উপৰিও অক্ষয় কুমাৰ, ভূমি পাডনেকাৰ, আমিৰ খান, আলিয়া ভাটকে ধৰি বহুকেইজন তাৰকা ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

বৰ্তমান কেটৰিণা কাঈফ কেইবাখনো চিনেমাৰ কামত ব্যস্ত আছে।

ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত চিনেমাকেইখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হ’ব।