NORTHEAST NOW (Assamese)
Popular Stories

আজৱ অভিলেখ! প্ৰায় ৩০ বছৰৰ মূৰত কটা হ’ল এগৰাকী মহিলাৰ ২৪ ফুট দৈৰ্ঘৰ হাতৰ নখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 12:54 pm

বিশ্বৰ আটাইতকৈ দীঘল নখৰ মহিলাগৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়ান্না উইলিয়ামছ।

গিনীজ ৰেকৰ্ডত তেওঁৰ নাম ইতিমধ্যে অন্তৰ্ভূক্ত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ’ষ্টন চহৰৰ বাসিন্দা আয়ানা শেহতীয়াকৈ বাতৰিৰ শিৰোনামালৈ আহিছে প্ৰায় ৩০ বছৰৰ মূৰত তেওঁ হাতৰ নখসমূহ কাটি পেলোৱাৰ পাছতে।

গিনীজ বিশ্ব ৰেকৰ্ডৰ অফিচিয়েল সূত্ৰই এই কথা নিশ্চিত কৰিছে যে আয়ানাই তেওঁৰ ২৪ ফুট ০.৭ ইঞ্চিৰ দৈৰ্ঘৰ নখসমূহ কাটি পেলাইছে।

ইমান দৈৰ্ঘৰ নখসমূহ কাটি পেলোৱাটো সহজ নাছিল।

ইয়াৰ বাবে বৈদ্যুত্তিক সৰঞ্জাম ব্যৱহাৰ কৰা হৈছিল।

তেওঁ শেষবাৰৰ বাবে নখসমূহ কাটিছিল ৯০ দশকৰ প্ৰথমভাগত।

নখসমূহ কটাৰ অভিজ্ঞতাটো তেওঁ আৱেগিক আৰু তিক্তমধুৰ বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে ২০১৭ চনত গিনীজ বিশ্ব ৰেকৰ্ডে আয়ান্নাক তেওঁৰ অভিলেখৰ বাবে মান্যতা প্ৰদান কৰিছিল আৰু ২০১৮ চনত গিনীজ বিশ্ব ৰেকৰ্জত অন্তৰ্ভূক্ত কৰিছিল।

অবিশ্বাস্য দৈৰ্ঘৰ নখসমূহ প্ৰতিপাল কৰিবলৈ তেওঁক দুটাকৈ নখ পলিছৰ বটল লাগিছিল আৰু সময় লাগিছিল ২০ ঘণ্টা।

অৱশ্যে তেওঁ দীঘল নখৰ বাবে কিছু দৈনন্দিন অসুবিধাৰো সম্মুখীন হৈছিল।

তাৰ ভিতৰত অন্যতম হৈছে খাদ্য খোৱা, কাপোৰ ধোৱা ইত্যাদি।

বৰ্তমান তেওঁৰ নখসমূহ সংৰক্ষণ কৰি ৰখা হ’ব ফ্লৰিডাৰ অৰলাণ্ড’স্থিত ৰিপ্লী (Ripley) নামৰ সংস্থাটোৰ ‘বিলীভ ইট অৰ নট মিউজিয়াম’ত (Believe It or Not! Museum)ত।