NORTHEAST NOW (Assamese)
অসম

অৱশেষত মাওবাদীয়ে মুক্তি দিলে অপহৰণ কৰি নিয়া চিআৰপিএফৰ জোৱান ৰাখেশ্বৰ সিং মিনহাছক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 8:04 pm
index-2-1140x570

অৱশেষত মাওবাদীয়ে মুক্তি দিলে ছট্টিশগড়ৰ সংঘৰ্ষৰ পিছতে সংগঠনটোৱে অপহৰণ কৰা চিআৰপিএফৰ কোব্ৰা কমাণ্ডোৰ জোৱান ৰাখেশ্বৰ সিং মিনহাছক।

আজি একাংশ স্থানীয় সাংবাদিকৰ মধ্যস্থতাত মাওবাদীয়ে আবেলি ৪-৩০ বজাত চিআৰপিএফৰ জোৱান জনক টাৰেম আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত মুকলি কৰি দিয়ে।

ইয়াৰ পিছতে জোৱান জনক বাছাগুডাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য সংঘৰ্ষস্থলীৰ পৰা মাওবাদীয়ে অপহৰণ কৰা বুলি নিশ্চিত হোৱাৰ পিছতে জোৱান জনৰ পাঁচবছৰীয়া কন্যাই এক ভিডিঅ’ৰ জৰিয়তে পিতৃক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল।

জোৱান জনৰ পত্নী মীনায়ো কাশ্মীৰৰ ৰাজ্যপালক সাক্ষাৎ কৰি জোৱান জনৰ নিৰাপদ মুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। মাওবাদীয়ে কালি অপহৃত জোৱান জনৰ ছবি প্ৰকাশ কৰিছিল।

উল্লেখ্য ৩ এপ্ৰিলত মাওবাদীৰ এম্বুশত ২৪ জনকৈ নিৰাপত্তাৰক্ষী নিহত আৰু ৩১ গৰাকী জোৱান আহত হোৱাৰ লগতে এজন নিৰাপত্তাৰক্ষী নিখোজ হৈছিল।

ইয়াৰ পিছতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ যোগে তেওঁলোকৰ যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলিহে দাবী কৰে।

এই দাবীৰ পিছতে মাওবাদী সংগঠনটোৱে বুধবাৰে নিখোজ হোৱা এজন কামাণ্ডো তেওঁলোকৰ জিম্মাত থকা বুলি দাবী কৰি মাওবাদীৰ শিবিৰসহ কামাণ্ডো জোৱান ৰাখেশ্বৰ সিং মানহাছৰ ফ’টো ভাইৰেল কৰে।

স্মৰ্তব্য যে মংগলবাৰে নিষিদ্ধ ঘোষিত মাওবাদী সংগঠনটোৱে হিন্দীত প্ৰকাশ কৰা এটা বিবৃতিৰ যোগে এম্বুশৰ সময়ত অপহৰণ কৰি নিয়া মিনহাছ নামৰ কামাণ্ডোজন তেওঁলোকৰ জিম্মাতে সুস্থ শৰীৰেৰে থকাৰ কথা উল্লেখ কৰি তেওঁক মুকলি কৰি নিবলৈ চৰকাৰক মধ্যস্থতাকাৰী নিয়োগ কৰিবলৈ দাবী জনাইছিল।

আনহাতে অপহৃত কামাণ্ডো জোৱানজনৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে স্থানীয় গঞা, দল-সংগঠন, প্ৰতিনিধি আৰু সংবাদকৰ্মীসকলৰ সৈতে যোগাযোগ কৰি থকাৰ কথা প্ৰকাশ কৰিছিল নিৰাপত্তা বাহিনীৰ এজন উচ্চ পৰ্যায়ৰ বিষয়াই।

ইফালে, জনজাতীয় সক্ৰিয় কৰ্মী চনী চুৰীয়ে সংৰ্ঘষৰ স্থলীলৈ গৈ মাওবাদী সংগঠনটোক অপহৃত জোৱানজনক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল।