NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ ঘটনা! কোভিডৰ ভেকচিন বুলি তিনি বৃদ্ধাক দিলে জলাতংকৰ ভেকচিন, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 7:25 pm
a bej

দেশত এতিয়া পুনৰ কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌৱে সংহাৰৰ সৃষ্টি কৰা ভাৰতত বৰ্তমান চলি আছে কোভিডৰ তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া।

দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো ভেকচিন প্ৰদানৰ কাম যুদ্ধকালিন ভাবে চলাই থকা হৈছে। কিন্তু ইয়াৰ মাজতে আজি ৰাজ্য খনত কোভিড ভেকচিন প্ৰদানৰ নামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

উত্তৰ প্ৰদেশৰ ছামলী জিলাৰ এটা স্বাস্থ্য কেন্দ্ৰত আজি তিনিগৰাকী বৃদ্ধাক স্বাস্থ্য কৰ্মীৰ অমনোযোগিতাৰ বাবেই কোভিডৰ ভেকচিনৰ সলনি দিয়া হয় জলাতংকৰ ভেকচিন।

কুকুৰ, মেকুৰীয়ে কামুৰিলে দিয়া ভেকচিনকেই কোভিডৰ ভেকচিন বুলি দিয়াৰ  কথাই এতিয়া দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ছামলি জিলাৰ কান্ধলা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। কোভিডৰ ভেকচিনৰ সলনি জলাতংকৰ ভেকচিন প্ৰদান কৰাৰ পিছতে এগৰাকী বৃদ্ধা গুৰুতিৰ ভাবে অসুস্থ হৈ পৰে।

তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। কোভিডৰ ভেকচিনৰ সলনি জলাতংকৰ ভেকচিন গ্ৰহণ কৰা বৃদ্ধা কেইগৰাকী হৈছে ক্ৰমে ৭০ বছৰীয়া সৰোজ,৭২ বছৰীয়া আনাৰকলি আৰু ৬০ বছৰীয়া সত্যৱতী।

ইয়াৰে সৰোজ নামৰ বৃদ্ধাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা৩ বেয়ালৈ গতি কৰাত তেওঁক এখন স্থানীয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছামলি জিলাৰ জিলা ন্যায়াধীশ জছজিৎ সিঙে প্ৰকাশ কৰা মতে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰা হ’ব আৰু দোষীক কঠোৰ শাস্তি বিহা হ’ব।