NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ, কোকৰাঝাৰ, বৰপেটাত বিস্তৰ ক্ষতি

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী April 11, 2021 2:25 pm
a kok

চ’তৰ শেষত বৰদৈচিলাৰ সংহাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে।

কোকৰাঝাৰ চহৰৰ নিচেই কাষতে অৱস্থিত তিতাগুৰিকে ধৰি বেচৰগাঁওঁ,হালোৱাদল,জনগাঁও, পাটগাওঁ আদি অঞ্চলত আজি অহা এজাক বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

উক্ত অঞ্চলসমূহত ধুমুহাই ঘৰ-বাৰী আদি ভাঙি তছনছ কৰাৰ লগতে বহু ঘৰৰ টিনপাত আদি উৰুৱাই লৈ যায়।

ইপিনে ৰাজ্যৰ আন বহু  প্ৰান্তৰ লগতে বাক্সা-বৰপেটাতো প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ।

যোৱা নিশা  অহা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে বাক্সাৰ খাৰিজা বিজনীৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ কাটাঝাৰ অঞ্চলত।

প্ৰকাণ্ড  গছ উঘালি পৰাৰ ফলত বাসগৃহৰ ক্ষতিসাধন হোৱাৰ উপৰি ব্যাহত হয় জনজীৱন।

ইয়াৰোপৰি ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটাও ভাঙি পৰাত বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।  ধুমুহাৰ ফলত বহু ঠাইত খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হৈছে।