NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক মহিলা ফুটবলাৰ, ৰাজ্যিক মহিলা ফুটবলাৰেৰে গঠিত হুঁচৰি দলৰ ৰঙালীৰ প্ৰস্তুতি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 11, 2021 2:13 pm
Bihu Teok Final

ভাৰতৰ মহিলা ফুটবল দলৰ গলৰক্ষক অঞ্জনা শইকীয়া, খেল’ ইণ্ডিয়াত ৰাজ্যিক মহিলা ফুটবল দলক নেতৃত্ব প্ৰদান কৰা পূজা শইকীয়াৰ সক্ৰিয় সহযোগত যোৰহাট জিলাৰ টীয়কৰ কাকজান ফুটবল কচিং চেন্টাৰৰ খেলুৱৈ সকলেও চেনেহৰ ৰঙালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।

কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰাংগণত দলটোৱে চলাইছে ব্যাপক প্ৰস্তুতি।

দলটোৰ মুখ্য ঢুলীয়াৰ ৰূপত আছে আন্ত:ৰাষ্ট্ৰীয় ফুটবলাৰ অঞ্জনা শইকীয়া আৰু ৰাজ্যিক ফুটবলাৰ পূজা শইকীয়া।

ক্ৰীড়াৰে জড়িত থাকিও অসমৰ বাপতি সাহোন বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে কাকজান ফুটবল কচিং চেন্টাৰৰ এই প্ৰয়াসক সকলোৱে আদৰণি জনাইছে ।