NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ হাঁহচৰা দুৱৰী গাঁৱত চলিছে ব’হাগক আদৰাৰ প্ৰস্তুতি

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 11, 2021 1:47 pm
a myanmar

কুলি কেতেকীৰ মাতত আগমন ঘটিল ৰঙালীৰ।

ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীক আদৰিবলৈ চলিছে ভীষণ প্ৰস্তুতি।

কোনো ব্যস্ত চিৰা সান্দহ খুন্দাত কোনো ব্যস্ত তাঁত শালত। আৰু কোনো ব্যস্ত হৈ পৰিছে হুঁচৰি আখৰাত।

বিহু বুলি কলে গছ তলৰ বিহু চোতালৰ হুঁচৰি যোৰালৈ বৰকৈ মনত পৰে। যিহেতু গছ তলৰ বিহু আৰু চোতালৰ বিহু মঞ্চ পালেগৈ। হেৰাই যাব ধৰিছে গাঁৱৰ ডেকা গাভৰুৱে পৰিৱেশন কৰা চোতালৰ বিহু।

সময়ৰ সোঁতত হেৰাই যাব ধৰা চোতালৰ বিহু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে এইজাক কিশোৰ কিশোৰী।

শিৱসাগৰৰ হাঁহচৰা দুৱৰী গাঁৱৰ এইসকল কিশোৰ কিশোৰীয়ে ব’হাগ মাহটো এইদৰে গাঁৱৰ প্ৰত্যেকৰ ঘৰৰ চোতালত হুঁচৰি মাৰি হেৰাই যাবলৈ ধৰা চোতাল বিহুক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।